কামৰূপৰ সোণতলীত জব্দ ২৪টাকৈ চোৰাং গৰু
ডিজিটেল ডেস্ক:- ৰাজ্যত দিনক দিনে সৰবৰাহ হৈ আছে গৰু।যিমানে আৰক্ষী কঠোৰ হৈছে সিমানে যেন আৰক্ষীৰ চকুত ধূলি দিয়াৰ চেষ্টা সৰবৰাহকাৰী ।
যি সময়ত চৰকাৰে গৰু সৰবৰাহ বন্ধ কৰিছে তেনে সময়তে ৰাজ্যত একাংশ গো মাফিয়াই আৰক্ষীৰ চকুত ধূলি দি অব্যাহত ৰাখিছে গৰুৰ ছিণ্ডিকেট।ভিন্ন সময়ত ন ন কৌশলেৰে অসাধু চক্ৰই চলাইছে এই বেহা।
এইবাৰ এটা দুটা নহয় ২৪টাকৈ চোৰাং গৰু জব্দ কামৰূপৰ সোণতলী আৰক্ষীৰ ৷ শুকুৰবাবে নিশা সোণতলী আৰক্ষীয়ে অভিযান চলাই ২৪টা গৰুসহ দুজন সৰবৰাহকাৰীক আটক কৰে ৷ বৰপেটাৰ জিলাৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হওঁতেই সোণতলী আৰক্ষীয়ে গৰুসহ আটক কৰে গৰু সৰবৰাহকাৰী দুজনক৷
দীৰ্ঘ দিনৰে পৰা বৰপেটাৰ বিভিন্ন অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ নদী পথেৰে সোণতলী পাৰঘাটলৈ গো সৰবৰাহ কৰি আছিল এইসকল লোকে ৷ গো সৰবৰাহত জৰিত তথা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজন মাহতলী গাঁৱৰ শিৰাজুল হক আৰু শেলেসুতি গাঁৱৰ ৰমেজ আলী ৷ কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে সোণতলী আৰক্ষীৰ দলে নিশা আটক কৰে গো ব্যৱসায়ী দুজনক ৷