Local, Vocal, Global

ছত্তীশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ;১০ জন জোৱানৰ মৃত্যু…

ডিজিটেল ডেস্ক:- ছত্তীশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ। মাওবাদীয়ে সংঘটিত কৰিলে এক ভয়ংকৰ আক্ৰমণ।আক্ৰমণ পুনৰ ছহিদ হ’ল ১০ জনকৈ সেনা জোৱান।বুধবাৰে ছত্তীশগড়ৰ দান্তেৱাড়াত নক্সালবাদীয়ে নিৰাপত্তাবাহিনীৰ ওপৰত সংঘটিত কৰে এক আক্ৰমণ।

নক্সালৰ দ্বাৰা সংস্থাপন কৰি তোৱা আই ই ডি বিস্ফোণৰ ফলত ১০জন DRG জোৱান আৰু এজন চালক শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ জোৱান কঢ়িয়াই অনা এখন বাহনত IED বিস্ফোৰণ।
দান্তেৱাড়াৰ অৰনপুৰত ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড (DRG) ফ’ৰ্চ লৈ গৈ থকা বাহনৰ ওপৰত IED আক্ৰমণ কৰে মাওবাদীয়ে। শ্বহীদ জোৱানসকলৰ ভিতৰত ১০জন ডিআৰজি জোৱান আৰু এজন চালক আছে। দান্তেৱাড়াত আৰণপুৰ আৰক্ষী থানা এলেকাত মাওবাদী কেডাৰৰ উপস্থিতৰ তথ্য লাভ কৰিছিল।ইয়াৰ পিছতে নক্সাল বিৰোধী অভিযানৰ বাবে দান্তেৱাড়াৰ পৰা ডি আৰ জি বাহিনী প্ৰেৰণ কৰা হৈছিল।অভিযানৰ পিছত উভতি অহাৰ সময়তে বিস্ফোৰণ হয়।এই আক্ৰমণত অভিযানলৈ যোৱা ১০ জন DRG জোৱান আৰু চালক এজন নিহত হয়।

এই আক্ৰমণক লৈ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে নক্সালবাদীক ৰেহাই দিয়া নহ’ব। এই ঘটনা অত্যন্ত দুখজনক। মাওবাদীৰ বিৰুদ্ধে আমাৰ যুঁজ অন্তিম পৰ্যায়ত আছে। আমি প্ৰণালীবদ্ধভাৱে নক্সালবাদ শেষ কৰিম।জানিব পৰা মতে, এই আক্ৰমণৰ পিছত আৰক্ষীয়ে মাওবাদীৰ দলটোক ঘেৰাও কৰিছে। দুয়োপক্ষৰ মাজত অব্যাহত আছে সংঘৰ্ষ। ঘটনাস্থলীলৈ অধিক নিৰাপত্তাৰক্ষী মাতি পঠিওৱা হৈছে।