ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত…
ডিজিটেল ডেস্ক:- দেওবাৰে পুৱতি নিশা ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত।দুৰ্ঘটনাত নিহত এজন।ন মাইল অঞ্চলত সংঘটিত এই পথ দুৰ্ঘটনাটোত।শিল-বালি কঢ়িওৱা এখন ডাম্পাৰ আৰু কয়লাভৰ্তি এখন ট্ৰাকৰ মাজত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।জানিব পৰা মতে,কয়লাভৰ্তি ট্ৰাকখনৰ চালকজনৰ থিতাতে মৃত্যু হয়।মৃত লোকজন ভূটানৰ ট্ৰাক চালক টিচলে টি চটেন আৰু তেওঁৰ বয়স ৩৩ বছৰ বুলি জানিব দিয়ে।ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, ৰঙিয়া-ভূটান পথৰ ন মাইলত ৰৈ থকা ভূটানৰ কয়লাভৰ্তি ট্ৰাকত এখন তীব্র বেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দিওৱাই । পিছত ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি স্বাভাৱিক কৰে আৰু মৃতদেহটো তামুলপুৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে।