চিমেনমুখ ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰৰ ফোঁপোলা স্বৰূপ ! এবছৰ ধৰি নাই চিকিৎসক নাই নাৰ্চ…
ডিজিটেল ডেস্ক:- যিটো সময়ত বিয়াগোম স্বাস্থ্য বিভাগে বিভাগটোৰ অভূতপুৰ্ব পৰিৱৰ্তনৰ কথা কৈ আহিছে, সেই সময়তে চিমেনমুখ ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰৰ ফোঁপোলা স্বৰূপ । চিমেনমুখত পাঁচখন বিচনাযুক্ত চিকিৎসালয়ত আজি এবছৰ ধৰি নাই নাৰ্ছ আৰু নাই চিকিৎসক ৷ পুনৰবাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে ৷ চিকিৎসালয়ত চিকিৎসক নাই যদিও মানৱতাৰ খাতিৰত এবছৰ ধৰি এগৰাকী CHO, কেইগৰাকীমান GNM আৰু ঔষধ বিভাগৰ বিষয়াই চিকিৎসা সেৱা কৰি আহিছে দীৰ্ঘদিনৰ পৰাই ৷ যাক লৈ ৰোগীৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰময়ৰ পৰিস্থিতিৰ ৷ চিকিৎসালয়ৰ ফোঁপোলা স্বৰূপ দেখা ANM নাৰ্ছ আৰু এজন চিকিৎসক নিযুক্তি লৈ স্থানীয় দল সংগঠনে দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত চিকিৎসক ব্যৱস্থা ন’হল । যাৰ ফলত ৰোগীয়ে চিকিৎসালয়ত চিকিৎসা সেৱা কৰিবলৈ গৈ মৃত্যুৰে যুঁজি ঘূৰি যাবলগীয়া হয় । তদুপৰি চিকিৎসালয়ৰ অধীনত থকা আশা কৰ্মীৰ মাজত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷ গতিকে অতি শীঘ্ৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে চিকিৎসলয়খনত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নিযুক্তি দিয়াৰ লগতে ঔষধ-পাতি যোগান ধৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে চিকিৎসালয়ৰ কৰ্মচাৰীয়ে ৷