Local, Vocal, Global

আপোনাৰ মুখ গোন্ধায় নেকি ?কেনেকৈ আঁতৰাব এই দুৰ্গন্ধ জানো আহক…

আপোনাৰ মুখ গোন্ধায় নেকি?কেতিয়াবা মুখৰ গোন্ধৰ বাবে বন্ধু মহলৰ লগত কথা পাতি থাকোতে অস্বস্তিত পৰিছে নেকি?যদিহে আপোনাৰ সন্মুখত থকা লোকজন আপোনাৰ কথাত অশান্তিত পৰিছে তেন্তে এইটো এটা আপোনাৰ বাবে অসহ্যকৰ সময় যোতিয়াই আপোনাৰ কথা কৈ থকাজনৰ মুখৰ দুৰ্গন্ধ থাকে।মুখৰ গোন্ধ বিভিন্ন কাৰণৰ উলাব পাৰে যেনে- খোৱাৰ পাছত ভালদৰে পৰিস্কাৰ নকৰিলে।
দাঁত পোক খালে আৰু পাচন ক্ৰিয়াত বিসংগতি থাকিলে।মুখৰ দুৰ্গন্ধই আপোনাক শাৰীৰিক একো ক্ষতি নকৰে কিন্তু ব্যাক্তিগতভাৱে আনৰ সন্মুখত আপোনাৰ এটা বেয়া ধাৰণা হ’ব পাৰে।জানে আহক ঘৰুৱা উপাদানেৰে কেনেকৈ আপুনি নিজকে মুখৰ দুৰ্গন্ধৰ পৰা আঁতৰত থাকিব।

তৰাতি খাদ্য খোৱাৰ পাছত ব্ৰাছ কৰাটো অতি প্ৰয়োজনীয়।সঘনে জিভা পৰিস্কাৰ কৰি ৰাখিব।ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত মুখ পৰিস্কাৰ কৰাটো অত্যন্ত জৰুৰী।

মুখত গুৱামুৰি চোবালে মুখৰ দুৰ্গন্ধও দূৰ হয়। ইয়াক দিনত কেইবাবাৰ মুখৰোচক হিচাপে ব্যৱহাৰ কৰক। বিশেষকৈ খাদ্য খোৱাৰ পিছত। দুৰ্গন্ধৰ পৰা মুক্তি পাব।

মুখৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ আপুনি শুকান ধনিয়াক মুখৰোচক হিচাপে ব্যৱহাৰ কৰিব পাৰে। আধা চামুচ শুকান ধনিয়া লৈ চফগুটিৰ দৰেই চোবাই থাকিব। এনেদৰে দিনত দুবাৰ কৰিলেই মুখৰ দুৰ্গন্ধৰ পৰা সকাহ পাব।

মুখৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ আপুনি ডালিমৰ বাকলিও ব্যৱহাৰ কৰিব পাৰে। ডালিমৰ ৰঙা বাকলি পানীত বইল কৰি অলপ গৰম থকা অৱস্থাতে পানীখিনিৰে গাৰগল কৰক।

মধুৰিয়ামৰ পাত চোবালে মুখৰ দুৰ্গন্ধও উপশম হয়। মধুৰিয়ামৰ পাত পানীত উতলাই সেই পানীৰ মুখ গাৰগল কৰিলে আপোনাৰ মুখৰ দুৰ্গন্ধ আঁতৰ হ’ব।

লঙে দাঁতৰ বিষৰ পৰা যে সকাহ দিয়ে এই বিষয়ত সকলো অৱগত, কিন্তু ই মুখৰ দুৰ্গন্ধও দূৰ কৰে। লং চোবালে দুৰ্গন্ধৰ পৰা সকাহ পোৱাৰ ।

মুখৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ নিমখ আৰু সৰিয়হৰ তেলেৰে মালিচ কৰক। আধা চামুচ নিমখ লওক আৰু দুইৰ পৰা তিনি টোপাল সৰিয়হৰ তেল যোগ দি আঙুলিৰে দাঁত আৰু গুৰিত মালিচ কৰক। একেৰাহে কেইদিনমানৰ বাবে এনে কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হ’ব।