Local, Vocal, Global

পালেং শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি?আহক আজি আমি পালেং শাকৰ উপকাৰিতাৰ বিষয়ে জানো…

ডিজিটেল ডেস্ক:- পালেং শাক অতি জনপ্ৰিয় শাক।পালেং শাক আমাৰ সকলোৰে পৰিচিত ।ভাৰতত পালেং শাকৰ চাহিদা বেছি। ভাৰতৰ বাহিৰত ইয়াৰ চাহিদা আছে।পালেং শাক কেঁচাই, তৰকাৰী বনাই বিভিন্ন ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰিও খোৱা হয়।পালেং শাক আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। পালেং শাক খালে আমাৰ বিভিন্ন ৰোগ নিৰাময়ৰ হয়। পালেং শাকত ভিটামিন -এ প্ৰচুৰ পৰিমাণে পোৱা যায়। তাৰোপৰি কেলচিয়াম, আইৰণ, আহ,কাৰ্বহাইড্ৰেত, প্ৰটিন, খনিজ পদাৰ্থ, অজৈৱিক নাইট্ৰেত আদি থাকে।

চকুৰ ৰশ্মি কমিলে নিয়মিত পালেং শাক খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।
পালেং পাতৰ ৰস আধাগিলাচ গাজৰ ৰস আৰু নেমুটেঙাৰ ৰস মিলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি নোহোৱা হয়।
পালেং শাকত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে। যাৰ ফলত হাড়ৰ কেলছিয়াম কম হোৱা বা অষ্টিঅ’পৰছিচ তথা হাড়ৰ গাঠিৰ বিষ ভাল হয়।
পালেং শাক খালে এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ নিৰাময় কৰাত সহায় কৰে।

পালেঙ শাকত অজৈৱিক নাইট্ৰেত থকা বাবে শৰীৰৰ মাংসপেশী আৰু হাড়ৰ গাঠি সবল কৰি ৰাখে।
পালেং শাকত খালে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষত কমকৈ আক্ৰান্ত হয়।
গৰমৰ দিনত পেচাব হালধীয়া হলে পালেং শাক খালে ভাল হয়।
পালেং শাকৰ পাতৰ ৰস মুখত লগালে মুখৰ ক’লা দাগ আৰু শালমন ভাল হয়।
পালেং শাকত যথেষ্ট পৰিমাণে আইৰণ আৰু ফলিক এচিড থকা কাৰণে ৰক্তহীনতা , গৰ্ভৱতী, সন্তান থকা মাতৃৰ কাৰণে উপকাৰী।
পালেং শাক খালে কোষ্ঠ কাঠিন্যতা নিৰ্মূল হয়। ডায়েবেটিচ ৰোগীয়ে পালেং শাক খালে চকুৰ অন্ধতাৰ পৰা ৰক্ষা পৰে আৰু প্ৰয়োজনীয় কেলৰি আহৰণ কৰে।
গৰমৰ দিনত পেচাব হালধীয়া হলে চৰ্দি, কাহ তথা কন্ঠৰ ৰোগ ভাল হয়।
পালেং খালে বাৰ্ধক্যৰ চাপ কমকৈ পৰে কাৰণে বৃদ্ধ ব্যক্তিও চপল ডেকাৰ দৰে তজবজীয়া হৈ থাকিব পাৰে।
পালেং শাক খালে চুলিৰ গুৰিবোৰ মজবুত হয় বাবে চুলি নসৰে।
পালেং শাক পাতৰ ৰস আধাগিলাচকৈ কিছুদিন কালে খহতা আৰু শুকান ছাল মসৃন আৰু উজ্জ্বল হয়।