Local, Vocal, Global

জনতাৰ মূৰত মাধমাৰ বিদ্যুৎ বিভাগৰ,এইবাৰ ৰাজ্যত বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ

ডিজিটেল ডেস্ক:- জনতাৰ মূৰত পুনৰ মাধমাৰ।জনতাৰ মূৰত মাধমাৰ বিদ্যুৎ বিভাগৰ ।এইবাৰ ৰাজ্যত বৃদ্ধি পালে ফিক্সড চাৰ্জ।অহা ১ এপ্ৰিলৰ পৰা ৰাজ্যত বিদ্যুত্‍ ফিক্সড চাৰ্জ বৃদ্ধি কাৰ্যকৰী হ’ব।
মাহে বিদ্যুতৰ ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধি কৰিলে বিদ্যুৎ বিভাগে ।এতিয়াৰে পৰা প্ৰতিজন বিভিন্ন শ্ৰেণীৰ বিদ্যুৎ গ্ৰাহকসকলে প্ৰতিমাহে প্ৰতি kw/kvত ফিক্সড চাৰ্জ হিচাপে অতিৰিক্ত মাচুল ১০ টকাকৈ ভৰিব লাগিব। অসম বিদ্যুৎ নিয়ামক আয়োগে নিৰ্ধাৰণ কৰিছে এই নতুন মাচুল।বিদ্যুৎ গ্রাহকে পূর্বে ফিক্সড চাৰ্জৰ বাবদ প্ৰায় ১২০ টকা পৰিশোধ কৰি আহিছিল আৰু এতিয়াৰে পৰা প্ৰতি kw/kvত ১০ টকাকৈ প্ৰায় ৪০টকা অতিৰিক্ত মাচুল আদায় দিব লাগিব।ৰাজহ বৃদ্ধিৰ স্বাৰ্থতে অসম বিদ্যুৎ নিয়ামক আয়োগে বৃদ্ধি কৰিছে ফিক্সড চাৰ্জ।বৃহস্পতিবাৰে জাৰি কৰা এক জাননী অনুসৰি আয়োগে APGCL,AEGCLআৰু APDCLৰ বিদ্যুৎ নিৰিখ অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন কৰে।ইয়াৰ ফলত এতিয়া সাধাৰণ জনতাই পূৰ্বতকৈ ১০ টকা বেছিকৈ বিদ্যুতৰ ফিক্সড চাৰ্জ দিব লাগিব।