Local, Vocal, Global

নহৰুৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি?বহু বিপদজনক ৰোগৰ পৰা মুক্ত কৰে শৰীৰক নহৰুৱে…

ডিজিটেল ডেস্ক:- দৈনন্দিন খাদ্য সামগ্ৰীত অন্তৰ্ভূক্ত হোৱা এক লাভকাৰী মছলাজাতীয় পাচলি হৈছে নহৰু।নহৰু শৰীৰৰ পক্ষে গুণা-গুণৰ যথেষ্ট প্ৰমাণ আছে।নহৰুৱে ব্যঞ্জনৰ সোৱাদত অন্য এক মাত্ৰা দিয়ে। নহৰু আমাৰ শৰীৰৰ বাবে অতি উপকাৰী ।নহৰুৱে শৰীৰক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।আৰু আমাক বহুতো বিপজ্জনক ৰোগৰ পৰা ৰক্ষা কৰে।ইয়াৰ ঔষধি গুণাগুণৰ বাবে বিশ্বৰ সকলো ঠাইতে সকলো লোকে খাদ্যৰ তালিকাত নহৰু সন্নিৱিষ্ট কৰে।আহক আজি আমি নহৰুৰ উপকাৰিতাৰ বিষয়ে জানো…
নহৰুৱে খাদ্য সুস্বাদু কৰাৰ লগতে স্বাস্থ্যও ভালে ৰাখে। নহৰুৰ বহুতো ঔষধি গুণ আছে যি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰি হয়।ডাঙৰ আকৃতিৰ কেঁচা নহৰু নিতৌ এফুটা বা দুফুটা খোৱাৰ স্বাস্থ্য়ৰ পক্ষে উপকাৰী।নহৰুৰ আচাৰ,চুপ আদিও বনোৱা হয় আৰু পিজ্জাৰ টপিং দিবৰ বাবে ব্যৱহাৰ কৰা হয়। স্বাস্থ্যৰ দিশত কেঁচা নহৰু অতি উপযোগী।প্ৰাচীন কালৰ পৰাই নহৰু ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে।আগতে, যেতিয়া কোনো ৰোগ হৈছিল বৃদ্ধলোক সকলে প্ৰথমে নহৰু খাৱলৈ কৈছিল।ইয়াত যথেষ্ট পৰিমাণৰ ফছফৰাছ সদৃশ উপাদান থাকে, যি বহুতো ৰোগৰ চিকিৎসাত কাৰ্যকৰী হয়। নহৰু খোৱাৰ উপকাৰিতা সমূহ হৈছে-

নহৰুৱে অপকাৰী ক’লেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে।তেজৰ নলীত চৰ্বি জমা হব নিদিয়ে।নহৰুৱে এচপ্ৰিনৰ দৰে কাম কৰা দেখা যায়।

নহৰু খালে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হয়।

উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক সিদ্ধ হৈছে।

নিয়মীয়াকৈ নহৰু সেৱন কৰা লোকসকল স্বাস্থ্যৱান হৈ থাকে।

তেজ পৰিষোধক হিচাবে নহৰুৱে কাম কৰে৷ দুফুটা নহৰু আৰু অকণমান নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আতৰ হয়,

নহৰু মেদবহুলতা কমোৱাত সহায়ক হয় ৷

হৃদৰোগী সকলৰ বাবে নহৰুও উপকাৰী। ই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে।

খালী পেটত নহৰু খালে তেজত চেনীৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে।

কৰ্কট ,হাওফাওঁৰ,মূত্ৰাশয়ৰ কেন্সাৰ,পাকস্থলীৰ ক’লনৰ কেন্সাৰ আদিৰ প্ৰতিৰোধত সহায়ক হয় নিয়মীয়া নহৰু।

নহৰু খালে ডায়েবেটিচৰো ৰোগীৰ বাবে লাভান্বিত হয়। লিভাৰৰ নানান অসুখত মৌজোলৰ সৈতে নহৰু ব্যৱহৃত হয়৷

পানী লগা, চৰ্দিৰ নহৰুৱে নিৰাময় কৰে৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় বুলি অভিজ্ঞলোকে কয়৷
ৰজোনিবৃত্তি হোৱা মহিলাৰ ইষ্ট্ৰোজেন হৰমোনত ক্ৰিয়া কৰি হাঁড়ক সুৰক্ষা দিয়ে।

নহৰুৱে পাচন তন্ত্ৰ শক্তিশালী কৰে। ই হজম প্ৰক্ৰিয়া উন্নত কৰে।

পাকস্থলীত কোষ্ঠকাঠিন্য, গেছ, এচিডিটি আদিৰ দৰে সমস্যাবোৰ নোহোৱা কৰে নহৰুৱে।

নহৰুৰ এণ্টিমাইক্ৰোবাইল গুণাগুণ আছে যি চকুশক্তিশালী কৰে ।