ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত! বন্য হস্তীৰ আক্ৰমণ নিহত অটো’ চালক…
ডিজিটেল ডেস্ক:- ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত।ঠায়ে ঠায়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং পুৰণা লাহৰিজানত অব্যাহত আছে হাতী মানুহৰ সংঘাত।কাৰ্বি আংলং পুৰণা লাহৰিজানত বন্য হস্তীৰ আক্ৰমণ। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথতে হাতীয়ে আক্ৰমণ কৰে এখন অটো’ক। হাতীৰ আক্ৰমণত নিহত হয় অটো’ চালক।জানিব পৰা মতে নিহত অটো’চালক জন ৰেনথুং ।জানিব পৰা মতে অটো চালক ৰেনথুং নিশা অটো লৈ ঘৰলৈ আহি আছিল।ঘৰ অহাৰ পথতে হাতীৰ আক্ৰমণত থিতাতে নিহত হয় ৰেনথুং।উল্লেখ্য যে, হাতীৰ আক্ৰমণত চুৰ্ণ বিচুৰ্ণ হয় অটোখন।