Local, Vocal, Global

নৰ্থ চেণ্টিনেল দ্বীপ,সাধাৰণ মানুহৰ বাবে নিষিদ্ধ এই দ্বীপ…

ডিজিটেল ডেস্ক:- সাধাৰণ মানুহৰ দৰে নহয় এওঁলোকৰ জীৱনশৈলী।পৃথিৱীত কি ঘটি আছে সেই বিষয়ে কোনো ধাৰণা নাই? টিক টক কি?
কোভিড-১৯ কি?এই বিষয়ে একো নাজানে একো নুবুজে এওঁলোকে।ভাৰতৰ এখন ঠাই যি ঠাইলৈ যোৱাটো চৰকাৰৰ পৰা নিষেধাজ্ঞা আছে
যদি আপুনি এই ঠাইলৈ কেনেবাকৈ যায় তেন্তে আপুনি উভতি আহিব পাৰিব নে নোৱাৰে সেয়া নিশ্চিত নহয়।আজি আমি আপোনাক ভাৰতৰ এনে এখন ঠাইৰ বিষয়ে কম য’ত যাবলৈ নিষেধাজ্ঞা আছে।যি ঠাই অতি ভয়ংকৰ ঠাই।নৰ্থ চেণ্টিনেল দ্বীপ ।ভাৰতৰ আন্দোমান নিকোবত অৱস্থিত নৰ্থ চেণ্টিনেল দ্বীপ ।যি দ্বীপত সাধাৰণ মানুহ যোৱাটো নিষিদ্ধ আছে।জানিব পৰা মতে এই দ্বীপটোত প্ৰায় ৫০ বছৰ আগৰে পৰাই আদিবাসী জাতি এটাই বসবাস কৰি আহিছে বুলি দাবি কৰি আহিছে।এই লোকসকল সাধাৰণ মানুহতকৈ সম্পুৰ্ণ পৃথক।যদি এই লোকসকলে আধুনিক বা দ্বীপৰ বাহিৰৰ মানুহক দেখা পায় তেন্তে তেওঁলোকে মৃত্যুৰ আক্ৰমণ কৰে ।বহু পৰ্যটকৰত লগত এনেকুৱা ঘটনা সংঘটিত হৈছে এই দ্বীপটোত। সেই হে এই দ্বীপটো ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে।
জানিব পৰা মতে এই দ্বীপটোত প্ৰায় ১৫০ জন বাসিন্দা আছে, কিন্তু ইয়াক নিশ্চিত কৰাৰ বাবে কোনো উপায় নাই, কিয়নো দ্বীপটোত যাবলৈ গৱেষকসকলকো অনুমতি দিয়া হোৱা নাই।দ্বীপটোত থকা লোকসকলে কোনো দৰ্শনাৰ্থীক যাবলৈ অনুমতি প্ৰদান নকৰে আৰু তেওঁলোকে বলপূৰ্বক ভাৱে দ্বীপটো সুৰক্ষিত কৰে। এই দ্বীপটো হাজাৰ হাজাৰ বছৰ ধৰি কেতিয়াও পৃথিৱীৰ সংস্পৰ্শলৈ অহা নাই।
১৯৯৭ চনৰ ভিতৰত দ্বীপটোৰ সকলো ভ্ৰমণ বন্ধ হৈ গৈছিল। কিন্তু, ২০০৬ চনৰ পৰা কেইটামান বিচ্ছিন্ন ঘটনা আৰু ২০১৮ৰ ঘটনাই কঁপাই তুলিছিল। এই লোকসকলে অবৈধভাৱে নৰ্থ চেণ্টিনেল দ্বীপ অঞ্চলত প্ৰৱেশ কৰিছিল আৰু ফলস্বৰূপে দ্বীপবাসীৰ দ্বাৰা নিহত হৈছিল।