পুৱাৰ আহাৰত আপুনি চিৰা খায় নেকি? চিৰাই শৰীৰক প্ৰদান কৰে বহুতো লাভালাভ…
ডিজিটেল ডেস্ক:-আপুনি বাৰু ব্ৰেকফাষ্টত চিৰা খায় নেকি।ৰাতিপুৱা আহাৰৰ আমাৰ শৰীৰত বিশেষ গুৰুত্ব আছে।পুৱাৰ আহাৰত বহু মানুহে জলপান খাই ভাল পায় আৰু আন কিছুমানে ৰুটী-ভাজি বা অন্যান্য বস্তু খায় ভাল পায়।ৰাতিপুৱাৰ আহাৰত বহু মানুহেই চিৰা অন্তৰ্ভুক্ত কৰিব বিচাৰে।চিৰাত আৱশ্যকীয় ভিটামিন,প্ৰ’টিন,কেলচিয়াম,স্নেহ পদাৰ্থ যথেষ্টভাৱে নিহিত থাকে।আপুনি সপ্তাহত দুই বা চাৰিবাৰ আপোনাৰ খাদ্যৰ তালিকাত চিৰা অন্তৰ্ভুক্ত কৰিব।চিৰা আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী।জানো আহক চিৰাই আমাৰ শৰীৰত কেনেধৰণে সহায় কৰে
শক্তি প্ৰদান কৰে-ৰাতিপুৱাৰ আহাৰত চিৰা খোৱাটোৱে শৰীৰক শক্তি প্ৰদান কৰে।চিৰাই আমাক দিনটোলৈ সক্ৰিয় ৰখাত সহায় কৰে।চিৰাত যথেষ্ট কাৰ্বোহাইড্ৰেট থাকে যি শৰীৰক শক্তি প্ৰদান কৰে।চিৰাই পেটটো দীঘলীয়া সময়ৰ বাবে ভৰাই ৰাখে।
আমাৰ শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰে- চিৰাই শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰে।যিসকলৰ শৰীৰত তেজ কম থাকে তেওঁলোকে ৰাতিপুৱা আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিব পাৰে।চিৰাই ৰক্তহীনত দূৰ কৰাত সহায় কৰে।
ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰাখে-চিৰা খাই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।ডায়েবেটিচ ৰোগীসকলৰ বাবেও চিৰা ভাল।ৰাতিপুৱাৰ আহাৰত ইয়াক অন্তৰ্ভুক্ত কৰিব পাৰে।
গেছ বা বদহজমৰ কোনো সমস্যা নাই-ৰাতিপুৱাৰ আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিলে গেছ বা বদহজমৰ দৰে সমস্যা নহয়।
পুষ্টি যোগান ধৰে- চিৰাই সোৱাদৰ লগতে পুষ্টি যোগান ধৰে।চিৰা কম তেল ব্যৱহাৰ কৰি ভাজিব লাগে আৰু তাত ভিন্ন পাচলি,কাজু-কিচমিচ ব্যৱহাৰ কৰিব পাৰে।এনেদৰে খালেও চিৰাৰ পৰা শৰীৰে পুষ্টি লাভ কৰে।