এগৰাকী মাতৃৰ কাতৰ আহ্বান,নিজৰ কন্যাৰ বাবে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে..

ডিজিটেল ডেস্ক :-জামুগুৰিহাটৰ সমীপৰ ডিপলোঙা চাহবাগিছাৰ এগৰাকী কনমানি ছাত্ৰী বিগত প্ৰায় ডেৰ বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে৷ বৰ্ষা ওৰাং নামৰ পিতৃহীনা কিশোৰী গৰাকীৰ মাতৃ তথা অতি দৰিদ্ৰ পৰিয়ালটিয়ে একমাত্ৰ আৰ্থিক দুৰ্বলতাৰ বাবেই নিজৰ কন্যা সন্তানৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই৷এই ক্ষেত্ৰত ৰোগাক্ৰান্ত কিশোৰী গৰাকীৰ মাতৃয়ে ব্যাপক সমস্যাৰ সন্মুখীন হৈ বৰ্তমান ৰাইজৰ কাষ চাপি নিজৰ সন্তানৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য্য ভিক্ষা কৰিছে৷ ইয়াৰ বাবে কোনো সদাশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব বিছাৰিলে CANARA BANK.A/C No- 4252108002599.IFSC code.CNRB0004252.জৰিয়তে দিবলৈ আহৱান জনাইছে৷মাতৃ ও পৰিয়ালে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক দুৰ্ভগীয়া কনমানি কিশোৰী ছাত্ৰী গৰাকীৰ বাবে চিকিৎসাৰ সাহাৰ্য্য বিচাৰিছে৷