Local, Vocal, Global

গ্ৰাম্য সমাজৰ পৰা হেৰাই গৈছে পৰম্পৰাগত গো-পাল প্ৰথা…

ডিজিটেল ডেস্ক:-আধুনিকতাৰ পৰশ পৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰা ক্ৰমাত হেৰাই যোৱা এক পৰম্পৰা হ’ল গো’পাল প্ৰথা । আজিৰ পৰা ২০-২৫ বছৰৰ আগলৈকে অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে বিৰাজমান আছিল এই প্ৰথা । প্ৰতিখন গাঁৱৰ প্ৰতিখন গৃহস্থীৰ ঘৰৰ গৰু-গাই সমুহ সমূহীয়াভাবে চৰাবলৈ লৈ যোৱা হৈছিল । প্ৰতিদিনে পাল পাতি প্ৰতিখন গাঁৱৰ পৰা একোজনকৈ লোকে চৰাবলৈ লৈ যায় গৰুসমুহ । নৈৰ পাৰত বা পথাৰত গাঁৱৰ পৰা লৈ যোৱা গৰুসমূহ এৰি গৰখীয়াই গছৰ তলত বহি আপোনমনে জিৰণি লয় । কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে অসমীয়া গ্ৰাম্য সমাজৰ পৰা এই পৰম্পৰা নাইকিয়া হৈ গ’ল । গাঁৱত গৰু গাই পোহা মানুহৰ সংখ্যাও কমি গ’ল । যান্ত্ৰিকতাৰ ধামখুমিয়াত হেৰাই যাবলৈ ধৰা অসমীয়া গ্ৰাম্য সমাজৰ এই পৰম্পৰা কিন্তু এতিয়াও ধৰি ৰাখিছে জামুগুৰিহাটৰ মৰণাকুৰি গাঁও, ঘাঁহিগাঁও আৰু ঘিলাধৰীয়া গাঁৱৰ ৰাইজে । ককাদেউতাৰ দিনৰ শ শ বছৰীয়া এই পৰম্পৰা এতিয়াও অক্ষুণ্ণ ৰাখিছে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ এই তিনিখন গাঁৱৰ ৰাইজে । গাঁও কেইখনৰ ৰাইজে সমূহীয়াভাবে এতিয়াও চৰাবলৈ নিয়ে গৰু গাই সমুহ । তিনিখনকৈ গাঁৱৰ শ শ গৰু গাই পাল পাতি গৰখীয়াই চৰাবলৈ লৈ যায় প্ৰত্যেকদিনাই । জীয়া ভৰলী নদীৰ পাৰৰ চাপৰিলৈ ৰাতিপুৱাই উলিয়াই নিয়া গৰু গাই সমূহ গধুলি হোৱাৰ আগে আগে গৰখীয়াই ওভতাই লৈ আহে গাঁৱলৈ । আধুনিকতাৰ বতাহে চুই যোৱাৰ সময়তো অসমীয়া সমাজৰ এই নিভাঁজ পৰম্পৰা জামুগুৰিহাটৰ তিনিখন গাঁৱে ধৰি ৰখাটো সচাঁই নান্দনিকতাপূৰ্ণ ।