মাৰ্ঘেৰিটাত উদণ্ড যুৱকৰ তাণ্ডৱ;উদণ্ড প্ৰেমিকে হত্যাৰ চেষ্টা চলালে প্ৰেমিকাক
ডিজিটেল ডেস্ক:-ৰাজ্যত সংঘটিত হৈছে এটা পিছত আন এটা হত্যাকাণ্ডৰ ঘটনা।এইবাৰ মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷মাৰ্ঘেৰিটাত উদণ্ড যুৱকৰ তাণ্ডৱ।উদণ্ড প্ৰেমিকে হত্যাৰ চেষ্টা চলালে প্ৰেমিকাক৷দেওবাৰে নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।মাৰ্ঘেৰিটাৰ ষ্টেচনপাৰাৰ আকাশ দত্ত নামৰ যুৱকজনে দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে নিজৰ প্ৰেমিকাক।ডিঙি আৰু মূৰত যথেষ্ট আঘাট পাই যুৱতীগৰাকীয়।যুৱতীগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে AMCHলৈ প্ৰেৰণ কৰা হৈছে।ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজি আছে প্ৰেমিকাই।জানিব পৰা মতে, প্ৰেমিক আকাশ দত্ত এজন ড্ৰাগছ আসক্ত যুৱক।পূৰ্বেও প্রেমজনিত কাৰণত যুৱকজনে আক্ৰমণ কৰিছিল প্ৰেমিকাক।ঘটনা সংঘটিত কৰি পলায়ন অভিযুক্ত আকাশ দত্তৰ।