Local, Vocal, Global

আজিৰ ৰাশিফল,চাওঁক আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব…

মেষ : অপ্ৰত্যাশিত কোনো সুখবৰ আহিব পাৰে, যিটো আৰ্থিক লাভৰ কাৰণ হ’ব পাৰে।

বৃষ : ঘৰত কোনো পৰিৱৰ্তন হ’ব পাৰে। নতুন সুযোগ আহিব পাৰে, যিটোৱে দীৰ্ঘম্যাদী উপকাৰ সাধন কৰিব।

মিথুন : নিজৰ শুভবোধৰ বিৰুদ্ধে কাম কৰাৰ একঘেয়ামী অনুভৱ হ’ব পাৰে। বৰ্তমান সমস্যাবোৰ সমাধানৰ বাবে খোলাখুলিকৈ ক’ব লাগিব।

কৰ্কট : নিজৰ অদম্য শক্তিৰ বাবে সমস্ত বাধা আঁতৰ হ’ব। আনৰ মাজত মৰম বিলাব লাগিব।

সিংহ : নিজৰ মতে চিন্তা কৰাৰ সুযোগ এৰি নিদিব। নিজৰ পৰিশ্ৰমৰ ফল পোৱা যাব।

কন্যা : সমস্ত প্ৰচেষ্টা সফল হ’ব। অতীতৰ কোনো ক্ষতিও পূৰণ হোৱাৰ সম্ভাৱনা আছে।

তুলা : খৰচৰ ফালে নজৰ দিব লাগিব। অপ্ৰত্যাশিতভাৱে বিপুল ব্যয় হ’ব পাৰে। বিতৰ্ক এৰি চলক।

বৃশ্চিক : আনৰ বিশ্বাসত আঘাত নকৰিব। সফলতা আহিব। কিন্তু প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিব লাগিবন।

ধনু : সংবেদনশীল মনক নিজৰ নিয়ন্ত্ৰণত ৰখা প্ৰয়োজন।প্ৰিয়জনৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব।

মকৰ : সামান্য পৰ্যবেক্ষণ শক্তি প্ৰয়োগ কৰিলে আনৰ পৰা কিবা শিকাৰ সুযোগ পাব। সেয়া ভৱিষ্যতৰ বাবে উপকাৰী হ’ব।

কুম্ভ : কোনো দুঃসাহসিক ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে। অতীতৰ কথা পাহৰি যোৱাৰ সময় আহিছে।

মীন : নানা ধৰণৰ ভুল তথ্যৰ উপস্থাপন কৰা হ’ব পাৰে। আনৰ কথা শুনা আৰু প্ৰভাৱিত হোৱাতকৈ নিজৰ বিচাৰ–বিবেচনাৰ ওপৰত ভৰসা কৰা ভাল।