ত্ৰিপুৰা বিধানসভা নিৰ্বাচন ২০২৩ ত ৬০ খন আসনৰ বাবে ভোটগ্ৰহণ আৰম্ভ…
ত্ৰিপুৰাৰ ৬০ খন বিধানসভা আসনৰ বাবে ভোটদান, ১৬ ফেব্ৰুৱাৰীত ৰাতিপুৱা সমগ্ৰ ৰাজ্যতে তীব্ৰ নিৰাপত্তাৰ অধীনত আৰম্ভ হৈছিল এই ভোটদান প্ৰক্ৰিয়া।
উচ্চ নিৰাপত্তাৰ মাজত পুৱা ৭ বজাত আৰম্ভ হোৱা সমগ্ৰ ভোটদান প্ৰক্ৰিয়াত কোনো ঘটনাৰ খবৰ পোৱা হোৱা নাই কিন্তু নিৰ্বাচনী কৰ্মীসকলে সমস্যা থকা কিছুমান ই ভি এম সলনি কৰিছে বুলি জানিব পৰা গৈছে৷
এই নিৰ্বাচনৰ বাবে প্ৰায় ৩১০ জন প্ৰাৰ্থী মনোনীত হৈছিল, তাৰে ১৯ খন মনোনয়ন নাকচ কৰা হৈছিল আৰু ৩২ জনক প্ৰত্যাহাৰ কৰা হৈছিল আৰু ২৫৯ জন প্ৰাৰ্থী এতিয়াও দৌৰত আছে বুলি জানিব পৰা গৈছে।
ইয়াৰ ভিতৰত ২৮ জন অল ইণ্ডিয়ান তৃণমূল কংগ্ৰেছৰ, ৫৫ জন বিজেপিৰ, ১৩ জন কংগ্ৰেছৰ, ৬ জন আই.পি.এফ.টিৰ, টিপ্ৰা মোথাই ৪২ জন, চিপিআই (এম)ৰ ৪৩ জন, চিপিআই (এম)এল, এ.আই.এফ.বি, টি.এছ.পি, আৰ.এছ.পি.ৰ পৰা ১ জনকৈ প্ৰাৰ্থী আৰু আন ৫৮ জন স্বতন্ত্ৰ দলৰ বুলি জানিব পৰী গৈছে।
ৰাজ্যখনত বিয়পি থকা প্ৰায় ৩,৩৩৭ টা ভোটগ্ৰহণ স্থানত ২৮ লাখ লৈকে ১৩ হাজাৰ ভোটাৰে এই নিৰ্বাচনত ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰিব।
এইবাৰ প্ৰায় ৮০,০০০ অতিৰিক্ত ভোটাৰ যিসকলে আজি ভোটদান কৰিব তেওঁলোকক ত্ৰিপুৰাৰ চূড়ান্ত নিৰ্বাচনী অভিলেখত যোগ দিয়া হৈছে।
এই নিৰ্বাচনত ভোট দিবলৈ প্ৰায় ১১,০০০ মহিলাই পঞ্জীয়ন কৰিছিল।
আগৰ ৪৬ জনৰ তুলনাত অতিৰিক্ত ৭৭ জন ৰূপান্তৰকামী ভোটাৰ থাকিব বুলি জানিব পৰা গৈছে।