Local, Vocal, Global

দেশত নিয়ন্ত্ৰিত হৈছে মুদ্ৰাস্ফীতি, ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিলে শেহতীয়া তথ্য…

ডিজিটেল ডেস্কঃ-১৪ ফেব্ৰুৱাৰীত ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি জানুৱাৰী মাহত ভাৰতবৰ্ষত WPI মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হৈছে। অৰ্থাৎ দেশত সামগ্ৰিক পাইকাৰী মূল্যৰ মুদ্ৰাস্ফীতি কিছু কম হৈছে। খোদ ৰিজাৰ্ভ বেংকে এই তথ্য প্ৰকাশ কৰাৰ বাবে উৎসাহী হৈছে খুচুৰা ব্যৱসায়ীসকল। অৱশ্যে পাইকাৰী মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হৈছে যদিও খুচুৰা মুদ্ৰাস্ফীতি আজিও উৰ্ধমুখী অৱস্থাতে আছে। কিন্তু তৎস্বত্বেও একাংশ বিশ্লেষকে দাবী কৰিছে যে আগন্তুক সময়ছোৱাত জীৱন দায়িনী ঔষধৰ লগতে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ খুচুৰা বিক্ৰী মূল্য ৫ শতাংশপৰ্যন্ত হ্ৰাস হব পাৰে। উল্লেখ্য যে ২০২২ চনৰ ডিচেম্বৰ মাহত ডব্লিউ পি আই মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৪.৯৫ শতাংশ। আৰু যোৱা ৩১ জানুৱাৰীত এই সংখ্যা ৪.৭৩ শতাংশলৈ হ্ৰাস হয়। অৰ্থাৎ যোৱা এমাহত মুদ্ৰাস্ফীতিৰ হাৰ সামান্য হলেও নিয়ন্ত্ৰিত হৈছে। ২০২৩ চনত ডব্লিউ পি আই মুদ্ৰাস্ফীতিৰ হাৰ ৪.৭৩ শতাংশ হোৱাৰ বিপৰীতে ২০২২ৰ জানুৱাৰীত ডব্লিউ পি আই মুদ্ৰাস্ফীতি আছিল ১৩.৬৮ শতাংশ। একেসময়তে ৰিজাৰ্ভ বেংকে অন্য কেতবোৰ গুৰুত্বপূৰ্ণ তথ্যও প্ৰকাশ কৰিছে। ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি খাৰুৱা তেল, ৰাসায়ণিক পদাৰ্থ, ৰাসায়ণিক সামগ্ৰী, বস্ত্ৰ শিল্প প্ৰাকৃতিক গেছ আৰু একাংশ কৃষিজাত সামগ্ৰীৰ পাইকাৰী মূল্য নিয়ন্ত্ৰিত হৈছে। উল্লিখিত সামগ্ৰীসমূহৰ ডব্লিউ পি আই ইনডেক্স ২.৪১ শতাংশলৈ কমিছে। আৰু ৰিজাৰ্ভ বেংকৰ এই প্ৰতিবেদনৰ পৰা এইটো উমান পোৱা যায় যে চলিত বৰ্ষত বহু সামগ্ৰীৰ দাম কম হব পাৰে। কিন্তু ডব্লিউ পি আই মুদ্ৰাস্ফীতিৰ নিম্নগামী ধাৰা স্বাভাৱিক নে কৃত্ৰিম? কিয়নো ২০২৪ত হবলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে বিজেপি চৰকাৰে কৌশলগতভাৱে সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু কিয়?
২০২২ চনত দেশৰ মুদ্ৰাস্ফীতিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰে। অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে লক্ষ লক্ষ লোকে হেৰুৱায় কৰ্মসংস্থাপন। বছৰি এক কোটি নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু সেয়াও ফুটুকাৰ ফেন হল। নিবনুৱা সমস্যা সমাধানত চূড়ান্তভাৱে ব্যৰ্থ হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰ। দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ অত্যধিক চৰাদামে জুৰুলা কৰিছে দেশৰ কোটি কোটি জনতাক। কিন্তু সেইবোৰলৈ কাণসাৰ নিদি বিজেপি চৰকাৰে দেশত ধৰ্মীয় উন্মাদনা আৰু ন ন ইছ্যু সৃষ্টি কৰি বিভ্ৰান্ত কৰিব বিচাৰিছে জনতাক। কিন্তু সেই সময়তো দেশৰ ১৪৪টা সংসদীয় সমষ্টিত বিজেপিৰ সাংগঠনিক আৰু ৰাজনৈতিক শক্তি মষিমূৰ হোৱা বুলি উমান পাইছে গেৰুৱাবাহিনীয়ে। কেৱল সিমানেই নহয়, বিজেপিৰ এক শীৰ্ষ সূত্ৰৰ পৰা সম্ভেদ পোৱা অনুসৰি খোদ আৰ এছ এছৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দেশৰ ১৪৪টা সমষ্টিত দুৰ্বল হৈছে বিজেপিৰ ভেটি। এই ১৪৪টা সংসদীয় সমষ্টিত বিজেপিৰ জয়লাভ সম্ভৱ নহয় বুলিও উল্লেখ আছে আৰ এছ এছৰ প্ৰতিবেদনত। আৰ এছ এছৰ ৰাজনৈতিক প্ৰতিবেদনৰ উদ্ধৃতি দি বিজেপিৰ সূত্ৰটোৱে লগতে ইয়াকো দাবী কৰে যে ১৫০টাৰো অধিক সমষ্টিত বিজেপিবিৰোধী ঢৌ তীব্ৰতৰ হৈছে। ঠিক একেদৰে অন্য শতাধিক সংসদীয় সমষ্টিত কংগ্ৰেছে ঘূৰাই পাইছে ৰাজনৈতিক আৰু সাংগঠনিক ক্ষমতা। তেনে পৰিস্থিতিত ২০২৪ৰ সাধাৰণ নিৰ্বাচনত ২৫০ সংসদীয় সমষ্টিত বিজেপিৰ পৰাজয় প্ৰায় নিশ্চিত হৈছে। একেসময়তে আৰ এছ এছৰ শীৰ্ষ নেতৃত্বই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অন্য ৰণকৌশল প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়া বুলিও সূত্ৰটোৱে দাবী কৰে। জানিব পৰা মতে, নাগপুৰে বিশেষভাৱে প্ৰস্তুত কৰা এই প্ৰতিবেদন যোৱা ১০ ফেব্ৰুৱাৰীত বিজেপিৰ শীৰ্ষ নেতৃত্বই লাভ কৰিছে। আৰু তাৰ পিছতে হঠাৎ যোৱা ১৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে ডব্লিউ পি আই মুদ্ৰাস্ফীতি ৪.৭৩ শতাংশলৈ হ্ৰাস হোৱা বুলি ঘোষণা কৰা কথাটোও তাৎপৰ্যপূৰ্ণ হৈছে। একেসময়তে গেৰুৱাবাহিনীৰ প্ৰবক্তা হিচাপে পৰিচিত একাংশ অৰ্থনীতিবিদে চলিত বিত্তীয় বৰ্ষত ঔষধ, খাদ্য আৰু বস্ত্ৰ সামগ্ৰীৰ খুচুৰা বিক্ৰী মূল্য ৫ৰ ১০ শতাংশলৈ হ্ৰাস হব বুলি ভৱিষ্যত বাণী কৰিছে। অন্য অৰ্থত জনসাধাৰণক কিছু সকাহ দিবলৈ হয়তো বিজেপি চৰকাৰে কৌশল অৱলম্বন কৰিছে। অৱশ্যে ইয়াৰ স্পষ্ট ৰূপটো প্ৰকট হবলৈ হয়তো কিছু সময়ৰ প্ৰয়োজন হব।