ভগৱান শ্ৰীকৃষ্ণৰ এটা মূল ধাম বদ্ৰীনাথত শংখ বজোৱা নহয় কিয়? ইয়াৰ কাৰণ জানিলে হয়টো আপুনিও আচৰিত হ’ব…
ডিজিটেল ডেস্ক:- ভাগৱত গীতা আৰু শাস্ত্ৰ অনুসৰি শংখ ভগৱান বিষ্ণুৰ অতিকৈ প্ৰিয়। বিশ্বাস অনুসৰি শংখৰ শব্দ শ্ৰীকৃষ্ণই ভাল পায়। আনকি দ্বাপৰ যুগৰ কৃষ্ণ অৱতাৰতো তেওঁ লগত লৈ আছিল পঞ্চজন্য নামৰ এটা শংখ। কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে শ্ৰী কৃষ্ণৰে এটা মূল ধাম বদ্ৰীনাথত শংখ বজোৱা নহয়।
হিন্দু বিশ্বাস অনুসৰি চাৰি ধামৰ ভিতৰত অন্যতম বদ্ৰীনাথ ধামৰ এক বিশেষ গৌৰৱ আছে। বিশ্বাস অনুসৰি স্বয়ং ভগৱান শ্ৰী হৰি বিষ্ণু ইয়াত বাস কৰে। সেইবাবেই ইয়াক পৃথিৱীৰ মেৰুদণ্ড বুলিও জনা যায়। যদি আপুনি বদ্ৰীনাথ ধামলৈ যোৱাৰ সৌভাগ্য লাভ কৰিছে, তেন্তে আপুনি নিশ্চয় লক্ষ্য কৰিছে যে মন্দিৰত শংখ বজোৱা নহয়, দৰাচলতে বদ্ৰীনাথ ধামত শংখ নবজোৱাৰ বহু কাৰণ আছে, য’ত পৌৰাণিক, ধৰ্মীয় বিশ্বাসৰ উপৰিও বৈজ্ঞানিক কিছুমান কাৰণো সন্নিৱিষ্ট হৈ আছে।
ধৰ্মীয়, পৌৰাণিক আৰু বৈজ্ঞানিক বিশ্বাস অনুসৰি সাধাৰণতে মন্দিৰসমূহত ঈশ্বৰৰ পূজা আৰু প্ৰশংসাৰ পিছত শংখ বজোৱাৰ এক পৰম্পৰা আছে। কিন্তু উত্তৰাখণ্ডৰ বদ্ৰীনাথ ধামত শংখ ব্যৱহাৰ কৰা নহয়। ইয়াৰ মাজতো বহু কাৰণ আছে। শংখ নবজোৱাৰ আঁৰত কিছু ধৰ্মীয় বিশ্বাসো সন্নিবিষ্ট হৈ আছে। শাস্ত্ৰত বৰ্ণনা কৰা এটা কাহিনী অনুসৰি এবাৰ দেৱী লক্ষ্মী বদ্ৰীনাথ ধামত ধ্যান কৰি বহি আছিল। সেই সময়ত ভগৱান বিষ্ণুৱে শংকচুৰ্ণ নামৰ এজন দানৱক বধ কৰিছিল। আৰু হিন্দু ধৰ্মৰ বিশ্বাসত শংখ নিশ্চিতভাৱে বিজয়ৰ পাছত বজোৱা হয়। কিন্তু বিষ্ণুয়ে লক্ষ্মীজীৰ ধ্যান-ধাৰণাত বিঘ্নিত কৰিব বিচৰা নাছিল, সেয়ে তেওঁ শংখ বজোৱাত বাধা দিলে।
বৈজ্ঞানিক কাৰণ অনুসৰি উত্তৰাখত্তত গোটেই বছৰটো ঠাণ্ডা অনুভৱ হয়। কেইমাহমানৰ বাহিৰে অঞ্চলটোত প্ৰায়ে বৰফ দেখা যায়। বিজ্ঞানৰ মতে যিকোনো বস্তুৰ নিজস্ব কম্পাঙ্ক থাকে। এনে অৱস্থাত যদি ইয়াত শংখ বজোৱা হয়, তেন্তে তাৰ শব্দই পাহাৰত খুন্দা মাৰি অনুৰণন সৃষ্টি কৰে। ইয়াৰ বাবে বৰফ ফাটি যোৱাৰ বা বৰফৰ ধুমুহাৰ সম্ভাৱনা থাকিব পাৰে। একে সময়তে বিজ্ঞানীসকলে কয় যে এটা বিশেষ কম্পাঙ্কৰ শব্দই পৰিৱেশৰ ক্ষতি কৰে। এনে হ’লে পাহাৰত ভূমিস্খলনৰ আশংকা থাকে। এনে অৱস্থাত এই ধামত এই কাৰণে শংখ বজোৱাটো অসম্ভৱ হৈ পৰে।