৬৩ বছৰীয়া দৰাৰ,এক আজৱ LOVE STORY
ডিজিটেল ডেস্ক:- দৰা ৬৩ বছৰীয়া কইনা ২৪ বছৰীয়া।ছয়জনী কন্যাৰ পিতৃ হৈছে দৰা কিন্তু মন মেলিলে দ্বিতীয় বিবাহৰ বাবে৷ বাৰাবাংকিত বসবাস কৰা এজন বৃদ্ধই নিজৰ কন্যাৰ বয়সৰ ছোৱালী সৈতে আৱদ্ধ হয় বিবাহ পাশত । এই ব্যক্তিগৰাকীৰ ছয়জনী কন্যা সন্তানৰ পিতৃ আৰু তেওঁৰ প্ৰথম পত্নীৰ ইতিমধ্যে মৃত্যু ঘটিছে।পত্নীৰ মৃত্যুৰ পিছত তেওঁ নিজৰ নিসংগতাত অতিশয় বিচলিত হৈছিল,ইয়াৰ লগতে তেওঁক খাদ্য ৰান্ধি বাঢ়ি দিয়াটো কোনো নাছিল যাৰ বাবে তেওঁ পুনৰ বিয়া কৰোৱাৰ সিদ্ধান্ত লয়। বৰ্তমান এইখন বিবাহক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তোলপাৰ সৃষ্টি হৈছে৷ এইজন ৬৩ বছৰীয়া বৃদ্ধাই এতিয়া নিজৰ জীয়েকৰ বয়সৰ ছোৱালীক বিয়া কৰোৱাৰ আলোচনাই বৰ্তমান চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
এই সমগ্ৰ ঘটনাটো বাৰাবাংকি জিলাৰ চুবেহা থানা এলেকাত সংঘটিত হৈছে৷ য’ত নকখেদ যাদৱ নামৰ ৬৩ বছৰীয়া এজন ব্যক্তিয়ে তেওঁৰ আধা বয়সৰ নন্দনী নামৰ ছোৱালী এজনীক বিয়া কৰাই। ৰাঞ্চিৰ বাসিন্দা নন্দনীৰ বয়স মাত্ৰ ২৪ বছৰ। নকখেদ যাদৱে জনোৱা মতে, প্ৰথম পত্নীৰ মৃত্যুৰ পিছত তেওঁ অতি অকলশৰীয়া হৈ পৰিছিল। তেওঁৰ সকলো কন্যা বিয়া হৈ গৈছিল যাৰ বাবে নিসংগতাই তেওঁক আমনি কৰিছিল সেয়েহে তেওঁ পুনৰ বিবাহপাশত আবদ্ধ হয়। জানিব পৰা মতে এই বিবাহখন লৈ দুয়ো সুখী আৰু দুয়োয়ে নিজ সন্মতিত বিবাহখন সম্পন্ন কৰে৷