Local, Vocal, Global

তুৰস্ক আৰু ছিৰিয়াত ভুমিকম্পত মৃতকৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

তুৰ্কী আৰু ছিৰিয়াত মৃতকৰ সংখ্যা বৃদ্ধি।মৃত্যুৰ উপত্যকাত পৰিণত হৈছে তুৰ্কী আৰু ছিৰিয়া।
সোমবাৰে হৈ যোৱা বৰভূইকঁপত এই পৰ্যন্ত মৃত্যুৰ সংখ্য়া ১৫ হাজাৰলৈ বৃদ্ধি।ইয়াৰে তুৰস্কতে মৃত্যু ১০ হাজাৰতকৈও অধিক লোকৰ ।কেইবা লক্ষাধিক লোক এতিয়াও ধ্বংসস্তূপত আবদ্ধ হৈ আছে।তুৰ্কী আৰু ছিৰিয়াত হোৱা এই বিধ্বংসী ভূমিকম্পটো শতিকাৰ আটাইতকৈ বৃহৎ ভূমিকম্প।এই ভূমিকম্পৰ ফলত কিমান জন লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু কিমানক উদ্ধাৰ কৰা হোৱা নাই এতিয়াও স্পষ্ট তথ্য় পোৱা নাই।তুৰস্কত এতিয়াও সন্ধানহীন হৈ আছে এগৰাকী ভাৰতীয় নাগৰিক,বিভিন্ন অঞ্চলত আৱদ্ধ হৈ আছে ১০ গৰাকী ভাৰতীয় লোক।

৭.৮ প্ৰাবল্যৰ ভূমিকম্পটোৱে সোমবাৰে পুৱতি নিশা দক্ষিন তুৰস্ক আৰু উত্তৰ-পশ্চিম ছিৰিয়াত ধ্বংসলীলা চলায় যাৰ ফলত সমগ্ৰ অঞ্চলটোত অট্টালিকাসমূহ খহি পৰে।উল্লেখ্য যে বৃহৎ পৰিসৰত বিধ্বংসী ৰূপ ধাৰণা কৰা ১৯৯৯ চনৰ পিছত এইটো দ্বিতীয়টো এনে ভূমিকম্প।৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পৰ ফলত বিদ্যালয়,চিকিৎসালয় আৰু এপাৰ্টমেন্টৰ হাজাৰ হাজাৰ অট্টালিকা তাচপাতৰ দৰে খহি পৰে।খহি পৰা অট্টালিকা আৰু আৱাসগৃহৰ ধ্বংসস্তূপত আৱদ্ধ হৈ হাজাৰ হাজাৰ লোক।