আজিৰে পৰা চৰকাৰী কৰ্মচাৰীলৈ ৪ দিন বিশেষ ছুটী
ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰী বাবে বিশেষ ছুটী।আজিৰে পৰা চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব চাৰিদিনৰ ছুটী।ইয়াৰে দুদিন চৰকাৰী বন্ধ আৰু দুদিনৰ বাবে ছুটী মঞ্জুৰ কৰ্মচাৰীৰ বাবে।পিতৃ-মাতৃৰ সৈতে সময় কটোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক চৰকাৰে দিলে এই বিশেষ সুবিধা।
দৈনন্দিন কামৰ পৰা আঁতৰি পিতৃ-মাতৃৰ সৈতে সময় কটাব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে।৯ আৰু১০ ফেব্ৰুৱাৰীত ছুটী মঞ্জু আৰু ১১-১২ ফেব্ৰুৱাৰীত থাকিব চৰকাৰী বন্ধ।ছুটী লৈ অৱসৰ বিনোদন কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে।মাথোঁ পিতৃ-মাতৃৰ সৈতে সময় কটোৱাৰ বাবেহে এই বিবেশ ছুটী।বন্ধৰ সময়ত পিতৃ-মাতৃৰ সৈতে সময় কটোৱাৰ প্ৰমান দিব লাগিব কৰমচাৰীসকলে।চৰকাৰী কাৰ্যালয়ত ঊৰ্ধ্বতম বিষয়াক ফটোৰ আকাৰত জমা দিব লাগিব।একেলগে চাৰিদিনৰ বাবে কামৰ সকাহ পাব চৰকাৰী কৰ্মচাৰী সকলে।