Local, Vocal, Global

ছিৰিয়া আৰু তুৰ্কীত এতিয়াও ধ্বংসস্তূপত আৱদ্ধ ২ লক্ষাধিক লোক…

তুৰ্কী আৰু ছিৰিয়াত এইপৰ্যন্ত মৃতকৰ সংখ্যা ৯,৫০০ৰো অধিক অতিক্ৰম কৰিছে। তুৰস্ক আৰু ছিৰিয়াত এতিয়া মৰিশালিৰ চেপা উত্তেজনা। সোমবাৰে প্ৰলংকৰী ভূমিকম্পৰ পিছত ছিৰিয়াৰ অট্টালিকা ধ্বংসস্তূপৰ পৰা উদ্ধাৰ এটাৰ পিছত আনটো মৃতেদহ। সোমবাৰে সংঘটিত ভূমিকম্পটো শতিকাৰ আটাইতকৈ বৃহত ভূমিকম্প হিচাপে পৰিগণিত হৈছে।

ভূমিকম্পত কিমান লোক সন্ধানহীন হৈছে এতিয়াও তাৰ সঠিক তথ্য এতিয়াও জানিব পৰা হোৱা নাই। তুৰস্কৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা মতে দেশখনৰ মুঠ মৃতকৰ সংখ্যা ৬,৯৫৭জনলৈ বৃদ্ধি পাইছে। সোমবাৰে সংঘটিত ভূমিকম্প আৰু তাৰ পিছত জোকাৰণিৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ ছিৰিয়াত মৃতকৰ লগতে নিহতৰ সংখ্যা ৯,৪৮৭জনলৈ বৃদ্ধি পাইছে।

ইফালে ভূমিকম্পন বিশেষজ্ঞ অভগান আহমেদ এৰ্কানে আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠান ইকনমিষ্টক কৈছিল যে এতিয়াও ধ্বংসৱশেষৰ তলত প্ৰায় ২ লক্ষাধিক লোক আৱদ্ধ হৈ থকা সম্ভাৱনা আছে। উদ্ধাৰকাৰীয়ে আৱদ্ধ লোকসকলৰ কাষ চাপিবলৈ অশেষ চেষ্টা চলাইছে। এনে সময়তে বেয়া প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ কাৰ্যৰে জড়িত লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।