Local, Vocal, Global

এইবাৰ ১৪ ফেব্ৰুৱাৰীত ‘ভেলেন্টাইন দে’ নহয়,পালন কৰা হ’ব গৰু আলিংগন দিৱস!

ডিজিটেল ডেস্কঃ-‘ভেলেন্টাইন দে’ নহয়,১৪ ফেব্ৰুৱাৰী পালন কৰা হ’ব গৰু আলিংগন দিৱস।আৰম্ভ হৈছে প্ৰেমৰ সপ্তাহ।দেশজুৰি একাংশৰ প্ৰস্তুতি ‘ভেলেন্টাইন দেৰ।ইয়াৰ মাজতে পশু-কল্যাণ পৰিষদৰ আহ্বান ১৪ ফেব্ৰুৱাৰীৰ দিনটো ‘গৰু আলিংগন’দিৱস হিচাপে পালন কৰিবলৈ।গৰুৰ লাভালাভ আৰু গৰুয়ে কেনেদৰে ভাৰতীয় সংস্কৃতি আৰু গ্ৰাম্য় অৰ্থনীতিৰ মেৰুদণ্ড সেই কথা উল্লেখ কৰি সকলোকে গৰু আলিংগন দিৱস পালন কৰিবলৈ আহ্বান পৰিষদৰ।


পৰিষদে এক জাননী দিয়ে আৰু জাননীত যোগে কয় যে ”আমি সকলোৱে জানো যে গৰু হৈছে ভাৰতীয় সংস্কৃতি আৰু গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড।গৰু জৈৱ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে।ইয়াক ‘কামধেনু’আৰু ‘গৌমাতা’বুলি জনা যায়।