তুৰস্কত প্ৰলয়ংকাৰী ভূমিকম্প,৩০০তকৈ অধিক লোক নিহত

ডিজিটেল ডেস্কঃ-:-সোমবাৰে তুৰস্কত ভয়ংকৰ ভূমিকম্প ।স্থানীয় সময় অনুসৰি ৪.১৭ বজাত অনুভূত হয় এই প্ৰলয়ংকাৰী ভূমিকম্পৰ জোকাৰণি।ভুমিকম্পৰ ৭.৮ প্ৰাবল্যৰ আছিল । ৭.৮ প্ৰাবল্যৰ জোকাৰণিয়ে তচনচ কৰিলে তুৰস্কৰ কেইবাখনো চহৰ।ধ্বংস কৰিলে বহু অঞ্চল ।নিহতৰ সংখ্যা বৃদ্ধি।ধ্বংসস্তূপৰ পৰা মৃতদেহ উদ্ধাৰ ।এতিয়াও ধ্বংসস্তূপৰ মাজত মৃতদেহ থকাৰ আশংকা কৰা হৈছে।বৰফৰে ঢকা ধ্বংসস্তূপৰ মাজত জীৱনৰ সন্ধান কৰিছে। জনসাধাৰণক ঘৰৰ পৰা বাহিৰত থকাৰ আহ্বান জনাইছে তুৰস্কৰ চৰকাৰে ।ছিৰিয়াতো ভূমিকম্পই ধ্বংস কৰিলে বহু অঞ্চল।প্ৰায় ৪০ ছেকেণ্ডৰ ভূমিকম্পই জোকাৰি যায় তুৰস্ক আৰু ছিৰিয়া।দুয়োখন দেশত এই পৰ্যন্ত নিহত হৈছে ৩০০তকৈ অধিক লোক।আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ছিৰিয়াৰ শৰণাৰ্থী শিবিৰসমুহ।