ঔষধি গুণেৰে পৰিপূৰ্ণ বিলাহীৰ উপকাৰীতাৰ বিষয়ে জানেনে নে আপুনি?আজি আমি আপোনালোকক ঔষধি গুণাগুণৰে পৰিপূৰ্ণ বিলাহীৰ উপকাৰীতাৰ বিষয়ে কম…

বিলাহী সকলোৰে চিনাকি। অসমীয়া সমাজত ইয়াৰ বিশেষ সমাদৰ আছে। সমাজত সৰ্বাধিক প্ৰচলিত পাচলি বিধেই হৈছে বিলাহী। অসমীয়া সমাজত বিলাহী আৰু মাছৰ তৰকাৰী খুবেই জনপ্ৰিয়। বিশ্বৰ প্ৰায় সকলো দেশতেই বিলাহী খেতি কৰা হয়।সমগ্ৰ বিশ্বতে প্ৰায় ৯ হাজাৰ প্ৰকাৰৰ বিলাহী উপলব্ধ। যিকোনো দেশতে বিলাহীৰ আধিপত্য থাকে। বিলাহী অবিহনে কোনো চালাড নাথাকিব। আকৌ এই বিলাহীবোৰে আন পাচলিৰ সোৱাদ কেইবাৰমান বৃদ্ধি কৰিব পাৰে।বিলাহী সুস্বাদু আৰু স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী।
বিলাহী পুষ্টিৰ অন্যতম উৎস। বিলাহীত প্ৰচুৰ পৰিমানে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি থকাৰ উপৰিও ছালফাৰ, পটাছিয়াম,লো, কেলছিয়াম পোৱা যায়।
কিন্তু ৰান্ধিলে এই ভিটামিন অলপ হ্ৰাস পায়। সেয়েহে কেঁচাই বিলাহী খুৱাটো বেছি উপকাৰী।পকা বিলাহী দেখিবলৈ অতি আকৰ্ষণীয়। পকা বিলাহীত বহুতো ঔষধি গুণ আছে।
ঔষধি গুণেৰে পৰিপূৰ্ণ বিলাহীয়ে আমাৰ শৰীৰতনো কেনেদৰে উপকাৰ সাধন কৰে।এই বিষয়ে জানি লও আহঁক।
বিলাহীয়ে পাকস্থলীত বেক্টেৰিয়াৰ আক্ৰমণৰ পৰা ৰক্ষা দিয়ে।
বিলাহীয়ে জণ্ডিছ ৰোগ দূৰ কৰাত সহায় কৰে।
বিলাহীয়ে শৰীৰৰ বৰণ উজ্বল আৰু পৰিষ্কাৰ কৰাত সহায় কৰে।
বিলাহীয়ে স্তন কেঞ্চাৰ প্ৰতিৰোধ কৰে।
বিলাহীয়ে ছালৰ খজুতি ৰোগ দূৰ কৰে।
বিলাহীয়ে কুকুৰীকণা ৰোগ প্ৰতিহত কৰে।
বিলাহীয়ে শ্বেতৰক্ত কণিকা সুৰক্ষিত কৰাৰ লগতে কিডনি পৰিস্কাৰ কৰি ৰাখে।
বিলাহীত থকা প’টেছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।
বিলাহীত যিহেতু ভিটামিন A আছে সেয়ে চকুৰ দৃষ্টি শক্তিৰ বাবে ই অতি উপকাৰী। চকুৰ ৰোগ সমূহ চকুৰ অসুখ, কুকুৰীকণা আদি প্ৰতিৰোধ কৰে।
বিলাহী ডায়েবেটিজ ৰোগীয়ে নিয়মীয়াকৈ খালে ডায়েবেটিজ ৰোগ কমাই।
বিলাহীত যিহেতু এন্টিঅক্সিডেন্ট আৰু প্ৰচুৰ পৰিমাণে ভিটামিন থাকে সেয়ে চুলিৰ বাবেও ই যথেষ্ট উপকাৰী। চুলি চিকমিকিয়া আৰু শক্তিশালী কৰি তোলে।
বিলাহীয়ে তেজৰ LDLকলেষ্টৰল হ্রাস কৰে আৰু HDLকলেষ্টৰল বৃদ্ধি কৰে।