ChatGPT কি? ChatGPT য়ে চাকৰি খাব নেকি সংবাদকৰ্মীসকলৰ?

ডিজিটেল ডেস্ক- বিগত কেইদিনমানৰ পৰা Chat GPT বহুত জনপ্ৰিয় হৈ পৰিছে৷ ই হৈছে AI ভিওিক ChatBot৷
উল্লেখযোগ্য যে, Chat GPT এনেদৰে ডিজাইন কৰা হৈছে যাতে ই মানুহৰ দৰে চিন্তা কৰিব পাৰে আৰু প্ৰশ্নৰ উত্তৰ দিব পাৰে৷
বৰ্তমান ChatGPT নামৰ বিজ্ঞানৰ নৱতম উদ্ভাৱনে সমগ্ৰ বিশ্বৰ বৌদ্ধিক মহলত তোলপাৰ সৃষ্টি কৰি তুলিছে৷
মানৱ মস্তিষ্কই লিখা বহু লিখনিতকৈ উন্নত প্ৰৱন্ধ লিখি। ১৫ ছেকেণ্ডত সন্মুখত প্ৰদান কৰিব পাৰে এই ChatGPT য়ে।
ChatGPTয়ে পেছাদাৰী সাংবাদিকতাত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। ইয়াৰোপৰি সাধাৰণ তথ্যগত বাতৰি লিখাৰ ক্ষেত্ৰত এই ব্যৱস্থা সহায়কাৰী হ’ব যাতে সাংবাদিকসকলে গৱেষণামূলক বাতৰি লিখাত মনোনিৱেশ কৰিব পাৰে। কিন্তু এই Computer Application ১০০শতাংশই বিশ্বাসযোগ্য নহয়। অৰ্থাৎ এই প্ৰযুক্তিয়ে সাংবাদিকক সলনি নকৰে বৰঞ্চ সাংবাদিকৰ কাৰণে এটা অপৰিহাৰ্য আহিলা হিচাপেহে পৰিগণিত হ’ব ।

সহজ ভাষাত ক’ব গলে ChatGPT হৈছে Chat Generative Pre-trained Transformer অথাৎ একধৰণৰ Computer programming অথবা Chatbot। ই হৈছে এক স্বয়ংক্ৰিয় ব্যৱস্থা যাৰ দ্বাৰা ব্যৱহাৰকাৰীৰে কথোপকথন কৰিব পাৰিব, লগতে বিভিন্ন প্রশ্নৰ উত্তৰো লাভ কৰিব পাৰিব । ইণ্টাৰনেটত উপলব্ধ সকলো তথ্য চালিজাৰি চাই সেই প্রশ্নৰ উত্তৰ যিকোনো ভাষাত সজাই পৰাই দিয়ে এই ChatGpt য়ে। এই ChatGpt টোৱে এটা প্ৰেমৰ কবিতাও ৰচনা কৰিব পাৰে৷
ঠিক এনেদৰেই ইণ্টাৰনেটত উপলব্ধ সকলো সৃষ্টি, প্ৰসংগ, তথ্যৰ ভিত্তিত ChatGPTয়ে লিখিব পাৰে গল্প, কবিতা, প্ৰবন্ধ বা বাতৰি লগতে ইণ্টাৰনেটত পোৱা যিকোনো বিষয়ৰ ওপৰত ৰচনা কৰিব পাৰে। মানৱ মস্তিষ্কৰ সমান গতিত কাম কৰিব পাৰে এই কৃত্ৰিম বুদ্ধিমত্তাই।
অন্তত ChatGPT ৰ পৰা সাংবাদিক চিন্তিত হোৱাৰ কোনো কাৰণ নাই । এই নতুন প্ৰযুক্তিয়েও আনবোৰৰ দৰে সাংবাদিকতাক শীৰ্ষ পৰ্যায়লৈ গতি কৰাত সহায় কৰিব ।