Local, Vocal, Global

পালেং শাকৰ লাভালাভৰ বিষয়ে জানেনে আপুনি?আজি আমি আপোনালোকক পালেং শাকৰৰ লাভালাভৰ বিষয়ে কম…

ডিজিটেল ডেস্কঃ-:-পালেং শাক আমাৰ সকলোৰে পৰিচিত ।ভাৰতত পালেং শাকৰ চাহিদা বেছি। ভাৰতৰ বাহিৰতও ইয়াৰ চাহিদা আছে।পালেং শাক কেঁচাই, তৰকাৰী বনাই বিভিন্ন ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰিও খোৱা হয়।পালেং শাক আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী।

পালেং শাক খালে আমাৰ বিভিন্ন ৰোগ নিৰাময়ৰ হয়। পালেং শাকত ভিটামিন -এ প্ৰচুৰ পৰিমাণে পোৱা যায়। তাৰোপৰি কেলচিয়াম, আইৰণ, আহ,কাৰ্বহাইড্ৰেত, প্ৰটিন, খনিজ পদাৰ্থ, অজৈৱিক নাইট্ৰেত আদি থাকে।

আহঁক জানি লওঁ পালেং শাকৰ লাভালাভৰ বিষয়ে –

১.চকুৰ ৰশ্মি কমিলে নিয়মিত পালেং শাক খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।
২.পালেং পাতৰ ৰস আধা গিলাচ গাজৰ ৰস আৰু নেমুটেঙাৰ ৰস মিলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি নোহোৱা হয়।
৩.পালেং শাকত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে। যাৰ ফলত হাড়ৰ কেলছিয়াম কম হোৱা বা অষ্টিঅ’পৰছিচ তথা হাড়ৰ গাঠিৰ বিষ ভাল হয়।
৪.পালেং শাক খালে এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ নিৰাময় কৰাত সহায় কৰে।
৫.পালেং শাকত অজৈৱিক নাইট্ৰেত থকা বাবে শৰীৰৰ মাংসপেশী আৰু হাড়ৰ গাঠি সবল কৰি ৰাখে।

৬. পালেং শাক খালে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষত কমকৈ আক্ৰান্ত হয়।
৭.গৰমৰ দিনত পেচাব হালধীয়া হলে পালেং শাক খালে ভাল হয়।
৮.পালেং শাকৰ পাতৰ ৰস মুখত লগালে মুখৰ ক’লা দাগ আৰু শালমইনা ভাল হয় ।
৯. পালেং শাকত যথেষ্ট পৰিমাণে আইৰণ আৰু ফলিক এচিড থকা কাৰণে ৰক্তহীনতা , গৰ্ভৱতী, সন্তান থকা মাতৃৰ কাৰণে উপকাৰী।
১০.পালেং শাক খালে কোষ্ঠ কাঠিন্যতা নিৰ্মূল হয়। ডায়েবেটিচ ৰোগীয়ে বাবে পালেং শাক যথেষ্ট উপকাৰী আৰু ইয়াৰ পৰা প্ৰয়োজনীয় কেলৰি আহৰণ কৰে।