Local, Vocal, Global

আজি বীৰ চিলাৰায় দিৱস…

আজি বীৰ চিলাৰায় দিৱস।সমগ্ৰ ৰাজ্যজুৰি ফেব্ৰুৱাৰী মাহৰ মাঘী পূৰ্ণীমাৰ দিনা চিলাৰায় দিৱস উদযাপন কৰা হয়।চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ।তেওঁৰ পিতৃ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ ,মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ সুদক্ষা সেনাপতি ৰজা নৰনাৰয়ণ।তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল সেয়ে তেওঁক চিলাৰয় বুলিও জনা যায়।

চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল,সেই কাৰণে তেওঁক বহুতে চিলাৰায় দেৱান বুলিছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল। আজি সমগ্ৰ ৰাজ্যতে পালন কৰা হ’ব বীৰ চিলাৰয় দিৱস।চিলাৰায়ে পণ্ডিতক অশেষ আদৰ কৰিছিল ।চিলাৰায়ৰ সহায়তেই শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল ।চিলাৰায় শিৱ ভক্ত আছিল।কিন্তু পাছত শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম ভাল পাবলৈ লয় আৰু শংকৰদেৱৰ গুণ-গৰিমাত চিলাৰায় মোহিত হৈ সপৰিবাৰে প্ৰভুৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে।