Local, Vocal, Global

কাশ্মীৰত হিমস্খলন ফলত দুই বিদেশী পৰ্যতকৰ মৃত্যু, চাৰিখন জিলাত সতৰ্কতা জাৰি!

জম্মু-কাশ্মীৰৰ গুলমাৰ্গত হিমস্খলন ফলত মৃত্যু দুই বিদেশী পৰ্যতকৰ।আৰক্ষীয়ে জনোৱা অনুসৰি জম্মু-কাশ্মীৰৰ গুলমাৰ্গৰ বিখ্যাত স্কি ৰিজৰ্টত এদল পৰ্যটকৰ প্ৰচণ্ড হিমস্খলনৰ ফলত আৱদ্ধ হয়।

প্ৰচণ্ড হিমস্খলনৰ ফলত পোলেণ্ডৰ দুজন বিদেশী নাগৰিকৰ মৃত্যু হয় আৰু আন ১৯ জনক উদ্ধাৰ কৰা হয়।ঘটনাস্থলীৰ এটা ভিডিঅ’ত পৰ্যটকসকলৰ মাজত আতংক সৃষ্টি কৰে যেতিয়া বৰফৰ হুশ নামি আহে।তথ্য অনুসৰি নিহত ২ বিদেশী নাগৰিকক মৃতদেহ আইনী প্ৰক্ৰিয়াৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।