এক আত্মহত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম!আচলতে এয়া হত্যা নে আত্মাহত্যা ?

এগৰাকী বোৱাৰি,বিয়া হোৱাৰ এবছৰ নোহঁওতে কিয় ল’লে চৰম সিদ্ধান্ত ?ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে।বজালী জিলাৰ কেন্দুগুৰীৰ এক হত্যাকাণ্ডা ।বজালী জিলাৰ কেন্দুগুৰীৰ ভাটান্ত মহিতৰা গাঁৱৰ অশ্বিনী মেধী আৰু বিনু মেধীৰ কন্যা যোৱা ৫জুলাই ২০২২ ত সৌৰভ পাটগিৰিৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।কিন্তু বিয়াৰ ৬ মাহ নহওতে ২৬ জানুৱাৰী ২০২৩ ত এক চৰণ পন্থা বাছি লয় ন- বিবাহিতা বোৱাৰি গৰাকীয়ে। দিন দুপৰতে সংঘটিত হয় এই কাণ্ডই সমগ্ৰ অঞ্চজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে। ২৫ জানুৱাৰীত সৰস্বতী পূজাৰ দিনা মহিলা গৰাকীয়ে ভনীয়েকক মাতি পঠিয়াইছিল কিন্তু ঘৰলৈ গৈ প্ৰত্যক্ষ কৰে বায়েকৰ ওলমি থকা মৃতদেহ ।আনকি দুৱাৰখন বাহিৰৰ পৰা বন্ধ হৈ আছিল। মহিলাগৰাকীৰ পৰিয়ালে এয়া হত্যাকাণ্ড বুলি অভিযোগ কৰিছে।বহু দিন ধৰি মহিলা গৰাকীক স্বামী আৰু স্বামীৰ পৰিয়ালে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল।যৌতুকৰ বাবেও দাবী কৰি আহিছিল ।ইতিমধ্যে মহিলাগৰাকীৰ পৰিয়ালে ৫০,০০০ টকা দিছিল।কিন্তু পৰিয়ালৰ লোকে আকৌ ১লাখ টকাৰ দাবী কৰিছিল। আচলতে এয়া হত্যা নে আত্মহত্যা এতিয়াও পোহৰলৈ অহা নাই।আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।