বতৰ বিজ্ঞান বিভাগে ৩০ জানুৱাৰীলৈ প্ৰচণ্ড বৰষুণ আৰু তুষাৰপাতৰ ভৱিষ্যতবাণী কৰিছে !
হিমাচল প্ৰদেশত প্ৰচণ্ড তুষাৰপাত। প্ৰচণ্ড তুষাৰপাতৰ ফলত অটল টানেলৰ ঘাই পথৰৰ যান-বাহনৰ ওপৰত যথেষ্ট প্ৰভাৱিত হৈছে।বিষয়া সকলে কয় যে – প্ৰশাসন সতৰ্ক হৈ আছে ৰাজ্য়খনৰ আন আন প্ৰান্ত তুষাৰপাতৰ ফলত চাৰিটা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি মুঠ ২৫৬ টা পথ বন্ধ কৰি দিয়া হৈছে। প্ৰচণ্ড তুষাৰপাতৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰশাসন সতৰ্ক হৈ আছে । প্ৰচণ্ড তুষাৰপাতৰ ফলত উপত্যকাটোত হিমস্খলন হোৱাৰ খবৰও পোৱা গৈছে।
সেয়েহে প্ৰশাসনে লোকলকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়ে ।বতৰ বিজ্ঞান বিভাগে ৩০ জানুৱাৰীলৈকে হিমাচল প্ৰদেশত প্ৰচণ্ড বৰষুণ আৰু তুষাৰপাতৰ আগজাননি দিছে।এনে পৰিস্থিতিত ৰাজ্যখনৰ বহুতো পথ বন্ধ হৈ থাকিব বুলি কৈছে।