Local, Vocal, Global

আজি ৭৪ সংখ্যক গণৰাজ্য দিৱস

২৬ জানুৱাৰী কেৱল এটা দিনেই নহয়। এয়া ভাৰতৰ ইতিহাস স্মৰণ কৰাৰ সময়।১৯৫০ চনৰ ২৬ জানুৱাৰী দিনটোতেই ভাৰতৰ সংবিধান গৃহীত আৰু কার্যকৰী হৈছিল। সেয়েহে প্ৰতি বছৰ দৰে এইবাৰো ২৬ জানুৱাৰী দিনটোক ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে বর্ণাঢ্য কার্যসূচীৰে পালন কৰা হয়।।২৬ জানুৱাৰীৰ এই দিনটোতে Government of India Act (১৯৩৫)ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল। ভাৰতৰ সংবিধানখন Constituent Assembly of Indiaই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়।

১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়।আজিৰ দিনটোত, আমি স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু মহান নেতাসকলক স্মৰণ কৰোঁ।গণতন্ত্ৰ দিৱস উপলক্ষে প্ৰতি বছৰে ৰাজধানী দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰা হয়। লগতে দিনটোত সমগ্ৰ দেশতে বহুতো কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিশুসকলে বিদ্যালয়ত বহুতো কাৰ্যসূচীত অংশ লয়। গণতন্ত্ৰ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেটলৈ ৰাজপথত এক অতি বিশাল আৰু আকৰ্ষণীয় কুচকাৱাজ অনুষ্ঠিত কৰা হয়।