Local, Vocal, Global

এজনী ছোৱালীক হত্যা কৰিবলৈ কি কৰিছে যোগী আদিত্য নাথে?

ডিজিটেল ডেস্ক:- উন্নাও ধৰ্ষণৰ গোচৰত নতুন সমীকৰণ।
উন্নাও ধৰ্ষণকাৰী বিজেপিৰ প্ৰাক্তন বিধায়কক পেৰ’লত মুকলি কৰি দিয়া হৈছে। প্ৰধানমন্ত্ৰী মোডীলৈ ধৰ্ষণৰ বলি হোৱা নাবালিকাৰ পত্ৰ।
২০১৭ চনত উন্নাওত নাবালিকা ছোৱালীক ধৰ্ষণ কৰি পিতৃক হত্যা কৰা হৈছিল।এই অপৰাধৰ বাবে তেতিয়াৰ বিজেপি বিধায়ক কুলদীপ চেংগাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

২০১৭ চনত উত্তৰ প্ৰদেশৰ উন্নাওৰ তদানীন্তন বিজেপি বিধায়ক কুলদীপ চেংগাৰে এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল। পিছলৈ তেওঁ ভুক্তভোগীৰ পিতৃক হত্যাৰ মূল দোষী হিচাপে প্ৰমাণিত হয়।কিন্তু এতিয়া যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা কুলদীপ সিং চেংগাৰক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অনুমোদন সাপেক্ষে পেৰ’লত মুকলি কৰি দিবলৈ ওলাইছে যোগী আদিত্যনাথৰ চৰকাৰে।

কন্যাৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা পেৰ’ল বিচাৰিছিল চেংগাৰে। চৰকাৰৰ পৰামৰ্শ মতে উচ্চ ন্যায়ালয়ে এই আবেদন মঞ্জুৰ কৰি ১৫ দিনৰ বাবে (২৭ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ) পেৰ’লত মুকলি কৰি দিয়ে।

এই ঘটনাৰ প্ৰতিবাদত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথলৈ পত্ৰ প্ৰেৰণ কৰি ছ’চিয়েল মিডিয়াতো এটা ভিডিঅ’ পোষ্ট কৰে। ইয়াৰ জৰিয়তে চেংগাৰৰ মুক্তিৰ সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। বিজেপিৰ প্ৰাক্তন বিধায়িকাগৰাকী যেতিয়ালৈকে জেলৰ বাহিৰত থাকিব তেতিয়ালৈকে তেওঁৰ লগতে গোচৰৰ সাক্ষীসকলৰ জীৱন বিপদত পৰিব বুলি দাবী কৰিছে।

২০১৮ চনৰ এপ্ৰিল মাহৰ আৰম্ভণিতে এই বিষয়টো পোহৰলৈ আহে যেতিয়া ভুক্তভোগীয়ে অনশন কৰাৰ ভাবুকি দিছিল তেতিয়াৰ বিজেপি বিধায়ক চেংগাৰক ধৰ্ষণৰ অভিযোগ উত্থাপন কৰাৰ পিছত। পিছদিনা চেংগাৰ আৰু তেওঁৰ ভাতৃ অতুলৰ বিৰুদ্ধে ভুক্তভোগীৰ পিতৃক তীব্ৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়। অতুল আৰু তেওঁৰ সঙ্গীসকলে ভুক্তভোগীক থানালৈ লৈ যায়। আৰক্ষীয়ে অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰে ভুক্তভোগীৰ পিতৃৰ বিৰুদ্ধে। পিছত আৰক্ষীৰ জিম্মাত থকা পিতৃৰ মৃত্যু হয়। চেংগাৰক ধৰ্ষণ আৰু অনিচ্ছাকৃত হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হয়।
এতিয়া কুলদীপ চেংগাৰে ধৰ্ষণৰ বলি হোৱা নাবালিকা গৰাকীক হত্যাৰ চেষ্টা চলাব পাৰে বুলি শংকিত হৈছে তেওঁ আৰু পৰিয়াল। আৰু সেই বাবে সমস্ত বিষয়টো অবগত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্রী অমিত শ্বাহক।