চৰকাৰৰ নিৰ্দেশত শিবিৰ ত্যাগ, অৰুণাচলত KLOৰ অধ্যক্ষ জীৱন সিংহ কোঁচ
কেন্দ্ৰীয় চৰকাৰৰ সৈতে মধ্যস্থতাকাৰীৰ জড়িয়তে আলোচনাত বহা বুলি খবৰ প্ৰকাশৰ মাজতে কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ KLOৰ অধ্যক্ষ জীৱন সিংহ কোঁচে ভাৰতত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে৷ আলফা স্বাধীনৰ শিবিৰ এৰি ভাৰত-ম্যানমাৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে বিদ্ৰোহী সংগঠন কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ অধ্যক্ষ জীৱন সিংহ কোঁচে।
বিদ্ৰোহী সংগঠনটোৰ কেইবাগৰাকী শীৰ্ষ নেতাসহ ভাৰতত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে। আসাম ৰাইফলছৰ এটা দলে জীৱন সিংহ কোঁচক অৰুণাচলত ৰখা বুলি জানিব পৰা গৈছে৷ এটা সূত্ৰই এই কথা প্ৰকাশ কৰিছে৷ বৃহস্পতিবাৰে ম্যানমাৰৰ শিবিৰ এৰিছিল সিংহই। পৃথক কমতাপুৰ ৰাজ্য গঠন সন্দৰ্ভত আলোচনা পজিটিভ বুলি চৰ্চা হৈছে৷ আনহাতে কোঁচ-ৰাজবংশী জাতীয় সংগঠনে কমতাপুৰ ৰাজ্য গঠনৰ দাবীত সৰৱ হৈছে৷