Local, Vocal, Global

বাৰে বাৰে ভাঙে ফিল্ম ষ্টাৰৰ সংসাৰ! অভিনেত্রী সাংবাদিকৰ প্ৰেমত পৰে কিয়?

বছৰৰ শেষত মাজনিশা অভিনেত্রী পৰিমনীয়ে স্বামী শ্বৰীফুল ৰাজৰ সৈতে ব্ৰেকআপ কৰাৰ কথা ঘোষণা কৰে। লেখিকা তাছলিমা নাছৰীনে পৰিমানীৰ এই কাৰ্যক সমৰ্থন দিয়ে। বছৰৰ শেষৰ দিনটোত বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী পৰিমণীয়ে বিবাহ বিচ্ছেদৰ ইংগিত দিলে। অভিনেতা শ্বৰীফুল ৰাজৰ সৈতে পঞ্চমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ। বিবাহ পাছতে এক পুত্ৰ সন্তানৰ আগমন ঘটে। কিন্তু ইয়াৰ মাজতে অভিনেত্ৰীগৰাকীয়ে ৰাজৰ সৈতে ব্ৰেকআপ কৰাৰ কথা ঘোষণা কৰিলে! ইয়াক লৈ ইতিমধ্যে আৰম্ভ হৈছে জল্পনা-কল্পনা।

এইবাৰ পৰিমনীৰ সংগী হৈছে জনপ্ৰিয় লেখিকা তছলিমা নাছৰিন। বাংলাদেশত এচাম লোকৰ বাবে তসলিমা নাছৰীন মূৰৰ বিষ স্বৰূপ।

পৰিমনীৰ লগত নিজকে তুলনা কৰি তাছলিমাই লিখিছে, ‘পৰিমনীৰ জীৱনটো মোৰ জীৱনৰ সৈতে বহুত মিল আছে। মানুহে ভাল পায়, বিশ্বাস কৰে, আঘাত দিয়ে, কন্দুৱাই, আঁতৰি যায়, আকৌ বিশ্বাস কৰে, আকৌ আঘাত দিয়ে, আকৌ কন্দুৱাব, আকৌ আঁতৰি যায়, আকৌ বিশ্বাস কৰে। এটা চক্ৰৰ দৰে চলি থাকে প্ৰেম আৰু প্ৰতাৰণা। সৎ, সহজ আৰু সংবেদনশীল মানুহ এই চক্ৰত পৰে।”

তাছলিমাই নিজৰ পোষ্টটোত অভিনেত্ৰীগৰাকীক উৎসাহিত কৰি আকৌ লিখিছে এনেদৰে, “পৰীমণি নিজৰ ভৰিত থিয় হৈ থাকে, আৰু যদি মূৰটো ওপৰলৈ তুলি মেৰুদণ্ড পোন কৰি অকলে থাকিব নোৱাৰে, তেন্তে আৰু কোনে কৰিব পাৰে?”

মই মোৰ জীৱন নিজে বনালোঁ আৰু আৰু বহু নাৰীয়ে মোৰ দৰে সংগ্রাম কৰি আছে। নিজকে ভাল পাব পাৰি। কিন্তু আমাৰ দোষ, আমি নিজকে ভাল নাপাওঁ। পৃথিৱীত আমি কোনো জন্তু নহয়। আমি ছোৱালীবোৰে আমাৰ আক্ৰমণকাৰীক ভাল পাওঁ আৰু তেওঁৰ লগত একেটা কোঠাতে, একেখন চালিৰ তলত থাকো!”

ইয়াৰ আগতেও এইজন জনপ্ৰিয় সাহিত্যিকে জীৱনৰ ইটোৰ পিছত সিটো কাণ্ডত পৰীমণীক মুকলিকৈ সমৰ্থন কৰিছিল। পৰীমণিৰ সাহসে সেই সময়ত তেওঁক আপ্লুত কৰিছিল। এইবাৰো পৰীমণিৰ বাবে কলমটো তুলি লৈছে তছলিমাই।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, পৰীমণীয়ে কেইবামাহো ধৰি অভিনেত্ৰী বিদ্যা সিনহা মিমৰ সৈতে স্বামীৰ ঘনিষ্ঠতাক লৈ আপত্তি কৰা শুনা গৈছিল। অনুৰাগীৰ এটা অংশই আৰম্ভণিৰে পৰাই ৰাজৰ সৈতে পৰীমণিৰ বিবাহক লৈ সন্দেহ প্ৰকাশ কৰি আহিছিল।

২০১২ চনৰ পৰা ২০২০ চনৰ ভিতৰত ইছমাইল হোছেইন, ফিৰদৌছ কবীৰ সৌৰভ, তমিম হাছান, কামৰুজ্জামান ৰনিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল পৰীমণী। তেওলোকৰ, কোনোবা সাংবাদিক, কোনোবা পৰিচালক। কিন্তু কোনো সম্পৰ্কই স্থায়ী নহ’ল। সাংবাদিকৰ প্ৰতি অভিনেত্রী গৰাকীৰ দুৰ্বাৰ আকৰ্ষণ থকা কথাটোও সকলোৱেই জানে। এইবাৰ ৰাজৰ লগত হোৱা ব্ৰেকআপটোৱে ইয়াকে প্ৰমাণ কৰিলে। বাংলাদেশত ইয়াক লৈ যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছে।