Local, Vocal, Global

বিজেপি নেতাৰ ঘৰৰ পিছফালে পুতি থোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

বিজেপি নেতাৰ আৱাসৰ পৰা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন বিজেপি বিধায়ক আৱাসৰ পৰা উদ্ধাৰ হৈছে মহিলাৰ উৱলি যোৱা মৃতদেহ। মাহাৰাষ্ট্ৰৰ চাতাৰা জিলাৰ ৱেড গাঁৱত সংঘটিত হৈছে।

মৃতদেহটো অঞ্চলটোৰ বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক কান্তাই নলৱাদৰ বাংলোৰ পিছফালে উদ্ধাৰ হৈছে। মৃতদেহ ঘৰৰ পিছফালে পুতি থোৱা আছিল। আধা অংশ মাটিৰ পৰা ওলাই আছিল।

আৱাসত কোনে লোকে বসবাস নকৰে বুলি দাবী কৰিছে বিধায়কৰ পৰিয়ালে। চৌহদটো পৰিষ্কাৰ কৰাৰ সময়তে মৃতদেহ পোৱা গৈছে।