Local, Vocal, Global

লেন্সি গৰ্ভৱতী হ’ল কেনেকৈ? ‘হেণ্ডেলাৰ’ৰ ভূমিকা সন্দেহজনক

মেঘালয়ৰ বাংলাদেশ সীমান্তত শেহতীয়া বিএছএফ শিবিৰৰ এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিয়নো সীমান্তত নিয়োজিত বিএছএফৰ ডিটেকটিভ কুকুৰ লেন্সিয়ে গৰ্ভৱতী হোৱাৰ পিছত তিনিটা পোৱালী জন্ম দিছে। কিন্তু প্ৰশ্ন হৈছে লেন্সি গৰ্ভৱতী হ’ল কেনেকৈ? কাৰণ বিচাৰি উলিয়াবলৈ এখন ‘তদন্ত আদালত’ স্থাপন কৰা হৈছে। এই ঘটনাৰ আঁৰত কোন আছে সেয়া গম পোৱা যাব।

লেন্সিয়ে মেঘালয়ৰ বাংলাদেশ সীমান্তত থকা বিএছএফৰ সীমান্ত চৌকিত আছিল। বিএছএফৰ জোৱানৰ সৈতে থাকে। এনে উচ্চ-সুৰক্ষা স্থানত কাম কৰা সকলো প্ৰশিক্ষিত ডিটেকটিভ কুকুৰৰ (স্নিফাৰ কুকুৰ) সংশ্লিষ্ট বিভাগত সম্পূৰ্ণ পৃথক প্ৰজনন কেলেণ্ডাৰ আছে। কিন্তু লেন্সিৰ ক্ষেত্ৰত সেই সকলোবোৰ গ্ৰহণ কৰাৰ কোনো ব্যৱস্থা নাছিল! কিন্তু এই ঘটনা উলংঘনৰ আওতাত পৰিছে। সেয়েহে বিষয়টো ‘তদন্ত আদালত’ যোগে গুৰুত্বসহকাৰে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অৰ্ধসামৰিক বাহিনীৰ প্ৰশিক্ষিত ডিটেকটিভ কুকুৰৰ সৈতে এজন ‘হেণ্ডেলাৰ’ থাকে। ‘হেণ্ডলাৰসকলে’ কুকুৰটোৰ যত্ন ২৪ ঘণ্টাৰ বাবে লয়। ‘হেণ্ডলাৰসকলে’ এইটোও নিশ্চিত কৰিব লাগে যে কোনো পথৰ কুকুৰ স্নিফাৰ কুকুৰৰ ওচৰলৈ আহিব নোৱাৰে। লেন্সিৰ ক্ষেত্ৰত ‘হেণ্ডেলাৰ’ৰ ভূমিকাও সন্দেহজনক। বিএছএফে ঘটনাটো অতি গুৰুত্বসহকাৰে লৈছে। গুৰুত্ব দি ‘তদন্ত আদালত’ গঠন কৰা হৈছে।

দৰাচলতে বিএছএফকে ধৰি অন্যান্য কেন্দ্ৰীয় বাহিনীত চোৰাংচোৱা কুকুৰৰ প্ৰশিক্ষণ, প্ৰজনন, টিকাকৰণ, খাদ্য আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰা হয়। বিএছএফৰ পশু চিকিৎসা বিভাগৰ পৰা অনুমতি পোৱাৰ পিছতহে এটা প্ৰশিক্ষিত কুকুৰক প্ৰজনন চক্ৰলৈ যাবলৈ অনুমতি দিয়া হয়।