Local, Vocal, Global

গৌৰীসাগৰ বৰপুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ বৰপুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ স্থানীয় লোকে মহিলাগৰাকীৰ মৃতদেহটো পানীত ওপঙি থকা প্ৰত্যক্ষ কৰিছিল। মহিলাগৰাকীক গৌৰীসাগৰৰ চিত্ৰলেখা দিহিঙীয়া (৫৩) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। চিত্ৰলেখা দিহিঙীয়া ৰেচম বিভাগৰ কৰ্মচাৰী ভাৰত দিহিঙীয়াৰ পত্নী। বহুদিনৰ পৰাই মহিলাগৰাকী মানসিকভাবে অসুস্থ আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। মহিলাগৰাকীয়ে গৌৰীসাগৰ ৰেচম পামৰ চৰকাৰী আবাস গৃহত স্বামীৰ সৈতে বসবাস কৰিছিল। ভাৰত দিহিঙীয়াৰ নিজাগৃহ শিৱসাগৰ জিলাৰ বকতাত। গৌৰীসাগৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।