Local, Vocal, Global

সম্পৰ্ক বিচ্ছেদৰ পাছতো নিৰ্যাতন, মাতৃৰ সন্মুখত ছীজান খানে তিউনিশাক কৈছিল ‘I LOVE U’

আত্মহত্যা কৰা তিউনিশাৰ মঙলবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। অভিনেত্ৰীগৰাকীৰ মাতৃ বনিতা শৰ্মাই শ্মশানৰ কন্যাৰ মৃতদেহ দেখি বাৰে বাৰে জ্ঞান হেৰুৱাই পেলাইছিল। ২০ বছৰীয়া কন্যাক হেৰুৱাই মাতৃক শোকে খুন্দা মাৰি ধিৰিছিল। ধাৰাবাহিকৰ ছেটত দুপৰীয়াৰ আহাৰৰ বিৰতিৰ সময়ত মৃতদেহ ওলমি থকা অৱস্থাত পোৱা হৈছিল তিউনিশাৰ। মৃত্যুৰ কেইদিনমান আগতে অভিনেত্ৰীগৰাকী হতাশাত আছিল। চিকিৎসালয়লৈ লৈ যাব লগা হৈছিল। সেই সময়ত চিকিৎসকসকলে কৈছিল যে তেওঁৰ শৰীৰৰ অৱস্থা ভাল নহয়।

‘আলিবাবা, দাস্তান-ই-কাবুল’ৰ সহ-অভিনেতা ছীজান খানৰ সৈতে সম্পৰ্কত আছিল। মাতৃ বনিতাই দাবী কৰিছিল যে তাইক বিয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু ছীজানে প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাছিল। অভিনেত্ৰীগৰাকীয়ে প্ৰেমত প্ৰতাৰণা কৰাৰ পৰা মৃত্যুৰ পথ বাছি লৈছিল। কন্যাৰ ওপৰত আত্মহত্যাৰ বাবে উদগনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। সেই অভিযোগৰ ভিত্তিত ছীজানক গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মাত আছে। মৃত্যুৰ দিনাৰ পৰা পোন্ধৰ দিন পূৰ্বে তিউনিশা আৰু ছীজানৰ সম্পৰ্কত ফাট মেলিছিল৷ সম্পৰ্কৰ এই বিশৃংখল পৰিস্থিতিৰ বাবে অভিনেত্ৰীগৰাকী হতাশাত ভুগি আছিল।

যিদিনা তিউনিশাই এই চৰম সিদ্ধান্ত লৈছিল সেইদিনা মাতৃ ধাৰাবাহিকৰ ছেটত উপস্থিত আছিল। ছীজানক কন্যাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল। কেৱল সেয়াই নহয় অভিনেত্ৰীগৰাকীৰ মাতৃয়ে তিউনিশা আৰু ছীজানৰ বিষয়ে আৰু কিছু তথ্য দিয়ে। মৃত্যুৰ সাত দিন আগতে তিউনিশা ধাৰাবাহিকখনৰ ছেটৰ পৰা কান্দি ঘৰলৈ উভতি আহিছিল। মৃত্যুৰ ঠিক এদিন আগতে অভিনেত্ৰীগৰাকীৰ মাতৃৰ আগতে ছীজানেও তিউনিশাক কৈছিল ‘মই তোমাক ভাল নাপাওঁ’।