৩২ বছৰে ডাঙৰ শিক্ষকৰ সৈতে বিয়াত বহিল ২০ বছৰীয়া জয়াই

৫২ বছৰীয়া পুৰুষৰ সৈতে ২০ বছৰীয়া যুৱতীৰ বিবাহৰ খবৰে ছ’চিয়েল মিডিয়াত যথেষ্ট হুলস্থুল লগাইছে। যুৱতীৰ শিক্ষক আছিল ৫২ বছৰীয়া লোকজন৷ শিক্ষকৰ প্ৰেমত পৰি বিয়া হয় ছাত্ৰীগৰাকী৷ ইজনে সিজনক জীৱন সংগী হিচাপে বাছনি কৰে।
ঘটনাটো পাকিস্তানৰ৷ ২০ বছৰীয়া জয়া নুৰ আৰু চাজিদ আলীয়ে বিয়াত বহে। মহাবিদ্যালয় ত B.Com পঢ়ি থাকোতে জয়াৰ প্ৰেমত পৰে মহাবিদ্যালয়খনৰ অধ্যাপক চাজিদ আলী।
প্ৰেম কাহিনী বৰ্ণনা কৰি জয়াই কয় যে প্ৰথমতে চাজিদে তাইক বহুত উপেক্ষা কৰোৱাই৷ কিয়নো জয়াই প্ৰথমে ভাল পোৱাৰ প্ৰস্তাৱ দিছিল৷ চাজিদে এসপ্তাহ পিছত প্ৰস্তাৱ সন্মত হৈছিল আৰু ইজনে সিজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।
চাজিদে কয় যে পৰিয়ালৰ বহু সদস্য তেওঁলোকৰ সম্পৰ্কত অসন্তুষ্ট। জয়াৰ মতে, আত্মীয়সকলৰ আপত্তি থাকিলেও প্ৰেমত পৰি বিয়াহয়। চাজিদৰ বিষয়ে জয়াই কয় যে চাজিদ অঞ্চলটোৰ শ্ৰেষ্ঠ শিক্ষক আৰু তেওঁ শিকোৱা ধৰণ মই মই ভাল পাওঁ। সেইকাৰণে তেওঁৰ অনুৰাগী। বিয়াৰ বাতৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছৰে পৰা বহুলোকে নৱদম্পতিক অভিনন্দন জনাইছে।