Local, Vocal, Global

দেৱলীনা ভট্টাচাৰ্যৰ বিয়া! কাৰ সৈতে বিয়াত বহিল দেৱলীনা?

‘গোপী বহু’ নামেৰে খ্যাত অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই যোৱা বুধবাৰে বিবাহপাশত আবদ্ধ হোৱা বাতৰিয়ে অনুৰাগীসকলৰ লগতে নেতিজেনক হতবাক কৰি তুলিছে। বুধবাৰে দেৱলীনাই ইনষ্টাগ্ৰামত নিজৰ বিয়াৰ কথা ৰাজহুৱা কৰাৰ পাছতেই তেওঁৰ বিয়াৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এই খবৰ ওলোৱাৰ পিছৰে পৰা অনুৰাগীসকলে দেৱলীনাৰ স্বামীৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী হৈ পৰিছে। অৱশেষত পোহৰলৈ আহিছে টিভি অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ স্বামীৰ পৰিচয়। খবৰ অনুসৰি সাথ নিভানা সাথিয়াৰ অভিনেত্ৰীগৰাকীয়ে দীৰ্ঘদিনীয়া প্ৰেমিক শ্বাহনৱাজ শ্বেখৰ সৈতে লোনাৱালাত বিবাহপাশত আবদ্ধ হয় আৰু অনু্ষ্টুপীয়াকৈ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰে।