১৪ বছৰ বয়সত বিয়াত বহিল হিয়া!
কপালত সেন্দুৰ। ডিঙিত সোণৰ নেকলেচ। পিন্ধনত ৰঙা বৰণৰ শাৰী। যেন ন-কইনা। লাজকুৰীয়া ছবি শ্বেয়াৰ কৰিলে হিয়াই৷ ফটো দেখি নেটিজেনৰ বিভিন্ন মন্তব্য। এজনে কয় যে বোৱাৰীক বৰ ভাল লাগিছে। হঠাতে অভিনেত্ৰীগৰাকীয়ে এনে পোছাকত ফটো প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰে নেটিজেন।
বাংলাৰ সৰু পৰ্দা জগৰত শিশু অভিনেত্ৰী হিচাপে চৰ্চিত হিয়াৰ ইনষ্টাগ্ৰামত ফটোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা। সপ্তম শ্ৰেণী উত্তীৰ্ণ হৈছে হিয়ে। ইয়াৰ মাজতে বিবাহৰ চৰ্চা। হিয়াত বিয়া বুলি ভাবি লয় বহুতে৷ তাৰ মাজতে এই ছবিখন দুবছৰ আগৰ আৰু দৃশ্য গ্ৰহণৰ বুলি মন্তব্য কৰিবলৈ বাধ্য হয় হিয়া।
মানুহে মোক সেন্দুৰ লগোৱা দেখি বিভিন্ন মন্তব্য কৰিছে। সেইসকলে কি ভাবে চিন্তা কৰক। মই কোনো মন্তব্যৰ উত্তৰ নিদিওঁ, সেইবোৰ পঢ়ি নাচাওঁ। হিয়াই কয় যে এতিয়া পঢ়াশুনাত মনোনিৱেশ কৰিছো। মই ভৱিষ্যতে দায়িত্বত থাকিব বিচাৰো।