দ্বিতীয় বিবাহৰ পূৰ্বেই পুনৰ মাতৃ হ’বলৈ ওলাইছে মালাইকা

অভিনেত্ৰী মালাইকা অৰোৰা পুনৰ মাতৃ হ’বলৈ ওলাইছে। আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ পাছেৰ পৰা অৰ্জুন আৰু মালাইকা সম্পৰ্কত আছে। তাৰকা দম্পতীহালে এটা সন্তান জন্ম দিবলৈ গৈ আছে বুলি চৰ্চা হৈছে। অভিনেত্ৰীৰ এজন ঘনিষ্ঠ বন্ধুৰ পৰা পোৱা এই বাতৰি মুহূৰ্তত জুইৰ দৰে বিয়পি পৰে। মালাইকাৰ পৰিয়াল আৰু মালাইকাৰ সংগী অৰ্জুন কাপুৰে মালাইকাৰ গৰ্ভধাৰণৰ খবৰৰ বিষয়ে মুখ খোলে৷
মালাইকাৰ পৰিয়ালে তাইৰ গৰ্ভধাৰণৰ বাতৰিটো এটা উৰাবাতৰি হিচাপে খাৰিজ কৰিছে। পৰিয়ালটোৰ প্ৰতিক্ৰিয়াৰ পৰা এইটো স্পষ্ট যে এই ভুৱা বাতৰিবিলাকৰ বিস্তাৰৰ বাবে তেওঁলোক যথেষ্ট বিভ্ৰান্তিত আছে।
আনহাতে, মালাইকাৰ ভুৱা গৰ্ভধাৰণৰ বাতৰি বিয়পি পৰাৰ পিছত অৰ্জুন কাপুৰেও ক্ষোভত ফাটি পৰে৷ প্ৰথমবাৰৰ বাবে বাতৰিটো প্ৰকাশ হোৱা সৰ্বভাৰতীয় সংবাদ মাধ্যমলৈ অৰ্জুনে ছ’চিয়েল মিডিয়াত লিখিছে ‘‘আপুনি এটা অতি অনৈতিক কাম কৰিছে। এইটো এইকাৰণে নহয় যে আমি যি বিচাৰো লিখিব পাৰোঁ সেয়া আমি গুৰুত্ব নিদিওঁ। আমাৰ ব্যক্তিগত জীৱনত আপোনাৰ নাক সোমাবলৈ চেষ্টা নকৰিব।’
অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা সদায় তেওঁলোকৰ প্ৰেমৰ বিষয়ে কৌতূহলী আছিল। আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদৰ পিছৰে পৰা তেওঁলোকৰ সম্পৰ্কৰ খবৰ প্ৰায়ে প্ৰকাশ পায়। মুম্বাই চহৰৰ বিভিন্ন ঠাইত একেলগে দেখা যায়। তেওঁলোক দুয়োজনে সম্পৰ্কৰ কথা স্বীকাৰ কৰি আহিছে। কিন্তু বিয়াক লৈ জল্পনা-কল্পনা চলি আছে। দুয়োজনে বিদেশ একেলগে ভ্ৰমণলৈ যায়৷ তেওঁলোকে বিদেশত এখন ফুটবল খেল চাবলৈ গৈছিল৷ সেই সময়ত এখন ছাদৰ তলত আছিল৷ ইয়াৰ মাজতে, মালাইকাৰ গৰ্ভধাৰণৰ খবৰ পোৱাৰ পিছত চৰ্চা হ’বলৈ ধৰে।