মাত্র ৪১৭ টকা বিনিয়োগ কৰক, কোটিপতি হওক

সকলো মধ্যবিত্ত শ্ৰেণীয়ে কম বিনিয়োগ কৰি উচ্চ হাৰৰ লাভ বিচাৰে। বহু লোকে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ অনিচ্ছুক। এই পৰিস্থিতিত বহুলোকে ডাকঘৰৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। গতিকে যদি আপুনি ডাকঘৰত টকা জমা কৰি কোটিপতি হ’ব বিচাৰে ডাকঘৰৰ ৰাজহুৱা ভৱিষ্যত নিধি একাউণ্টৰ বিষয়ে জানিব পাৰে৷
ডাকঘৰৰ পিপিএফ একাউণ্ট আঁচনিয়ে সদায় সুৰক্ষাৰ লগতে টকা সময়মতে, উভতাই দিবলৈ সক্ষম হৈছে। ইয়াৰ বিষয়ে নিশ্চিত হওক, জমাকৰ্তাই জমা আৰম্ভ কৰা সূতৰ হাৰ ম্যাদপুৰ্তিৰ সময়ত একে হাৰত উপলব্ধ হ’ব।
অৱশ্যে, আপুনি ডাকঘৰৰ পিপিএফ আঁচনিত এক যুটীয়া একাউণ্ট খুলিব নোৱাৰে। নাবালকসকলে তেওঁলোকৰ নিজৰ নামত পিপিএফ একাউণ্ট খুলিব পাৰে। কিন্তু কোনো বিদেশী ভাৰতীয়ই এই একাউণ্টৰ লাভালাভ লাভ কৰিব নোৱাৰে। যদি এই একাউণ্টত প্ৰতিদিনে ৪১৭ টকা ২৫ বছৰৰ বাবে জমা কৰিব পাৰে তেন্তে ম্যাদৰ শেষত কোটিপতি হোৱাটো সহজ। এই আঁচনিখনৰ প্ৰকৃত বৈধতা হৈছে ১৫ বছৰ। অৱশ্যে, এই আঁচনিৰ বৈধতা পাঁচ বছৰলৈ বৃদ্ধি কৰিব পাৰি। সূত বৰ্তমান ৭.১ শতাংশ হাৰত পৰিশোধ কৰা হৈছে।
যদি আপুনি প্ৰতি মাহে ১২,৫০০ টকা বিনিয়োগ কৰিব পাৰে তেন্তে ১৫ বছৰত আপোনাৰ মুঠ সঞ্চয় হ’ব ২২.৫ লাখ টকা। এই জমা হোৱা পৰিমাণৰ ওপৰত ৭.১ শতাংশ চক্ৰবৃদ্ধি সূত দিয়া হ’ব। অৰ্থাৎ, ১৫ বছৰৰ পিছত, আপোনাৰ একাউণ্টৰ সূত হ’ব ১৮.১৮ লাখ টকা। অৰ্থাৎ, ১৫ বছৰৰ পিছত, আমনাৰ একাউণ্টত মুঠ পৰিমাণ হ’ব ৪০.৬৮ লাখ। যদি আপুনি পিপিএফ একাউণ্টৰ ম্যাদ আৰু পাঁচ বছৰৰ পিছত বৃদ্ধি কৰিব পাৰে, তেন্তে আপোনাৰ একাউণ্টত মুঠ ১.০৩ কোটি টকা থাকিব।