Local, Vocal, Global

সৰ্বানন্দ সোণোৱালৰ জন্মস্থানত বালি মাফিয়াৰ ৰাজ!

নিউজ ডেস্কঃ ৰাজ্যত অব্যাহত বালি মাফিয়াৰ মুক্ত বিচৰণ৷ কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থানতে চলিছে বালি মাফিয়াৰ দপদপনী৷ বিন্ধাকটাত অবৈধ বালি খননৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতেই পোহৰলৈ আহিছে ৰাজ্যত কিদৰে ৰমৰমীয়া বেহা চলিছে বালি মাফিয়াৰ। কেন্দ্ৰীয় মন্ত্ৰীৰ জন্মস্থান বিন্ধাকটাত ভয়াৱহ গৰাখহনীয়াৰ কৱলত পৰিছে ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জন্মস্থান বিন্ধাকটা অঞ্চলত হৈ থকা ভয়াৱহ খহনীয়াৰ মাজতে অবৈধ পলস খননে বিপদ মাতিছে বৃহত্তৰ অঞ্চলটোলৈ। বিন্ধাকটাৰ সুৰক্ষা বান্ধৰ সমীপতে অবৈধভাৱে পলস খন্দাৰ ফলত অধিক খহনীয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে অবৈধভাৱে বালি আৰু পলস খননৰ ফলত বৃহত্তৰ বিন্ধাকটা অঞ্চলৰ খালগাঁও, পুখুৰীজান, বিন্ধাকটা, মুলুকগাঁও, বালিজান, ৰংমলা আদি অঞ্চলত ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ গৰাখহনীয়াই। কিন্তু ইয়াৰ পিছতে নিজ খেয়ালখুচিমতে একাংশ লোকে দীৰ্ঘদিনৰ পৰা ডাম্পাৰে ডাম্পাৰে বালি-পলস খান্দি অঞ্চলটোৰ অস্তিত্বৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। শীঘ্ৰে এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।

ডিব্ৰুগড়ৰ পৰা জ্যোতিষ পাটিৰৰ প্ৰতিবেদন, MyNews NE