অপেক্ষাৰ অন্ত! ১৩ বছৰৰ বিৰতিৰ পিছত আহি আছে অৱতাৰ-২
ডিজিটেল ডেস্কঃ ২০০৯ চনত মুক্তি পাইছিল পৰিচালক জেমছ কেমেৰনৰ ‘অৱতাৰ’৷ অৱতাৰে সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছিল অভিলেখ। কম সময়তে জনপ্ৰিয় হৈ পৰিছিল অৱতাৰ৷ বৰ্তমান সময়তো চিৰসেউজ চিনেমাৰ ভিতৰত পৰে অৱতাৰ৷ আকৌ এইবাৰ সেই পুৰণি সোৱাদেৰে আহি আছে অৱতাৰ৷ পুৰণি ইতিহাসৰ সৈতে, প্ৰায় ১৩ বছৰ পাছত ঘূৰি আহিছে ‘অৱতাৰ ২ দ্যা ৱেভ অফ ৱাটাৰ’। বৰ্তমান মুক্তি পালে ছবিখনৰ ট্ৰেইলাৰ৷ ট্ৰেইলাৰত চমক দিলে ‘অৱতাৰ ২’য়ে। ১৩ বছৰৰ পিছতো বহুতো সলনি হ’ব যদিও সেই পুৰণি সোৱাদ থাকিব চিনেমাখনত৷
হলিউডৰ তথ্য অনুসৰি চলিত বৰ্ষৰ ১৬ ডিচেম্বৰত ভাৰতত মুক্তি পাব হলিউডৰ সৰ্বাধিক জনপ্রিয় ছবি ‘অৱতাৰ – দ্য ৱে অৱ ৱাটাৰ’ । ছবিখনৰ বাবে অপেক্ষাত দৰ্শক। উল্লেখযোগ্য যে এই ছবিখন বিভিন্ন ভাষাত মুক্তি পাব । সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত কেমেৰনে জনাই যে তেওঁ ছিৰিজৰ দ্বিতীয় ইষ্টলমেন্ট ‘অৱতাৰ ২’ৰ শ্বুটিং সমাপ্ত কৰিছে। তেওঁ লগতে কয় যে ছবিখনৰ তৃতীয় অংশৰ দৃশ্য গ্ৰহণৰ প্ৰায় ৯৫ শতাংশ সম্পূৰ্ণ হৈছে। এতিয়া কেৱল সামান্য পৰিমাণৰ ভিএফএক্স কাম চলি আছে।
ছবিখনৰ পৰিচালক কেমেৰনে জনাই , কৰ’নাৰ কাৰণে ছবিখনৰ প্ৰযোজনা ৰখাৰ কাম চাৰে চাৰি মাহৰ বাবে বন্ধ কৰা হৈছিল। অৰ্থাৎ, যথেষ্ট সময় অপচয় হৈছে। এতিয়া ছবিখনৰ মুক্তিৰ তাৰিখ আগতে ঘোষণা কৰা হোৱাৰ বাবে চাপ বাঢ়িছে।