অচ্ছেদিন, বাঢ়িল গাখীৰৰ দাম
দিল্লী এনচিআৰৰ গাখীৰ গ্ৰাহকসকল আকৌ এবাৰ মূল্যবৃদ্ধিৰ সন্মুখীন হৈছে। মাদাৰ ডেইৰীয়ে ফুল ক্ৰীম গাখীৰৰ মূল্য প্ৰতি লিটাৰত এক টকাকৈ বৃদ্ধি কৰিছে৷ এতিয়া পৰা ৬৩ টকাৰ পৰা ৬৪ টকালৈ হ’ব মাদাৰ ডেইৰীৰ গাখীৰৰ দাম। কোম্পানীৰ এজন মুখপাত্ৰৰ উদ্ধৃতি দি এই কথা প্ৰকাশ পাইছে৷
গাখীৰৰ মূল্য বৃদ্ধিয়ে ঘৰুৱা বাজেটক প্ৰভাৱিত কৰিব কিয়নো এই সময়ত খাদ্যৰ মুদ্ৰাস্ফীতি ইতিমধ্যে বহুত বেছি। মাদাৰ ডেইৰীয়ে মূল্য বৃদ্ধিৰ বাবে দুগ্ধ খেতিয়কৰ পৰা কেঁচা গাখীৰ ক্ৰয়ৰ ব্যয় বৃদ্ধিক দোষাৰোপ কৰিছিল। এই বছৰ দুগ্ধ উদ্যোগত গাখীৰৰ চাহিদা আৰু যোগানৰ এক বৃহৎ ব্যৱধান দেখা গৈছে৷ পশুখাদ্যৰ বৰ্ধিত ব্যয় আৰু অনিশ্চিত বাৰিষাৰ বাবে কেঁচা গাখীৰৰ উপলব্ধতা প্ৰভাৱিত হৈছে। উৎসৱৰ বতৰৰ পাছতো, চাহিদা-যোগানৰ ব্যৱধানৰ বাবে কেঁচা গাখীৰৰ মূল্য শক্তিশালী হৈছে বুলি কয় কোম্পানীটোৱে।