Local, Vocal, Global

জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ দেহাৱসান

নগাঁওঃ নগাঁৱৰ দক্ষিণপাটৰ জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মা আৰু নাই। বৃহস্পতিবাৰে বিয়লি প্ৰায় ২.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। মৃত্যুৰ সময়ত সাংবাদিকগৰাকীৰ বয়স আছিল ৪৩ বছৰ।

উচ্চ ৰক্তচাপজনিত ৰোগত বুধবাৰে নিশা ঘৰতেই অসুস্থ হৈ পৰিছিল শৰ্মা। অসুস্থ শৰ্মাক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল গুৱাহাটীলৈ। চিকিৎসাৰ বাবে এম্বুলেন্সৰে গুৱাহাটীলৈ আনি থকাৰ সময়তে ৰহাত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে।

‘আজিৰ বাতৰি’ৰ জৰিয়তে ১৯৯৬ চনত বসন্ত শৰ্মাই আৰম্ভ কৰিছিল সংবাদসেৱা। পৰৱৰ্তী সময়ত তেওঁ দৈনিক অগ্ৰদূত, অধুনালুপ্ত প্ৰাইম নিউজ, প্ৰাগ নিউজৰ লগতে কেবাটাও সংবাদ প্ৰতিষ্ঠানত সাংবাদিকতা কৰিছিল। শেহতীয়াকৈ এটা নিউজ প’ৰ্টেলৰ সৈতে জড়িত আছিল শৰ্মা। সাংবাদিক শৰ্মাৰ মৃত্যুত নগাঁৱৰ লগতে ৰাজ্যৰ সংবাদমহলতো শোকৰ ছাঁ পৰিছে।