Google ছাৰ্চে মাতিলে বিপদ! পানীত পৰিল ৩ লাখ টকা…
ডিজিটেল ডেস্কঃ উৎসুকতা দূৰ কৰিবলৈ আপুনিও নিশ্চয় বহু সময়ত জনপ্ৰিয় ছাৰ্চ ইঞ্জিন গুগল ব্যৱহাৰ কৰিছে৷ আপুনি বাৰু কেতিয়াবা গুগলত ছাৰ্চ কৰি বিপদত পৰিছে নেকি? গুগল ছাৰ্চ কৰিবলৈ গৈ কেতিয়াবা ঠগ খাইছেনে? গুগলত ছাৰ্চ কৰাৰ কাৰণে কেতিয়াবা আপোনাৰ একাউন্টৰ পৰা কাট খাইছে নেকি ধন! আজি আমি আপোনালোকক জনাব বিচৰা খবৰটো শুনি হতভম্ব হ’ব আপুনিও৷ কিয়নো গুগল ছাৰ্চ কৰি এগৰাকী নেটিজেনে ভৰিব লগীয়া হ’ল ৩ লাখ টকা৷ মাত্ৰ এটা ক্লিক, আৰু তাৰ পাছতেই অন্তৰ্ধান সমস্ত সাঁচতীয়া ধন৷
জানি লওঁ আহক প্ৰকৃততে ঘটনাতো হৈছিল কি?
ঘটনাটো ৰাজধানী দিল্লীৰ গৌতম বুদ্ধ নগৰৰ৷ Make My Trip নামৰ ৱেবছাইটত পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ উদ্দেশ্যে অনলাইন টিকট বুকিং কৰিছিল দিল্লীৰ বাসিন্দা এগৰাকী মহিলাই৷ ৱেবছাইটটোত মহিলাগৰাকীয়ে বুকিং কৰা টিকটৰ মূল্য নিৰ্ধাৰিত নিৰিখতকৈ অধিক দেখুৱাই একাউন্টৰ পৰা অধিক ধন কৰ্তন কৰাত তেওঁ ধনৰাশি উভতাই বিচাৰোতে তেওঁলৈ এটা ৰিফাণ্ড লিংক আহে৷
ধন ঘূৰাই পোৱাৰ আশাৰে মহিলাগৰাকীয়ে সেই লিংকটোত ক্লিক কৰে৷ সেইখিনিতেই ভুলটো হৈ গ’ল মহিলাগৰাকীৰ৷ লিংকটোত ক্লিক কৰাৰ লগে লগেই মহিলাগৰাকীৰ একাউন্টৰ পৰা কাট খাই গ’ল ৩ লাখ টকা৷ কিয়নো মহিলাগৰাকীয়ে টকা ঘূৰাই পোৱাৰ আশাত যি ৰিফাণ্ড লিংকত ক্লিক কৰিছিল সেই লিংকটো আছিল চাইবাৰ অপৰাধীয়ে ধন সৰকাবলৈ ব্যৱহাৰ কৰা ফিশ্বিং লিংক৷
এনে চাইবাৰ অপৰাধীৰ জালত পৰি যদি আপোনাৰো সৰ্বস্বান্ত হোৱাৰ ইচ্ছা নাই তেন্তে ভুলতো ক্লিক ন’কৰিব অজ্ঞাত লিংক৷ অন্যথাই আপোনাৰ এটা ক্লিকতেই খালী হ’ব পাৰে কষ্টোপাৰ্জিত সমস্ত সাঁচতীয়া ধন৷