Local, Vocal, Global

৪০ বিধায়কে দল এৰাৰ পাছতো প্ৰথমটো নিৰ্বাচনত শক্তি দেখুৱালে উদ্ধৱ ঠাকৰেয়ে

ডিজিটেল ডেস্কঃ বিজেপিয়ে একনাথ চিন্দেৰ সহায়ত মহাৰাষ্ট্ৰত শাসনভাৰ পুনৰ নিজৰ হাতলৈ অনাৰ পাছতে অনুষ্ঠিত প্ৰথমটো উপ-নিৰ্বাচনত শিৱসেনাৰ উদ্ধৱ শিবিৰে জয়লাভ কৰিছে৷ শিৱসেনাৰ উদ্ধৱ বালাচাহেব ঠাকৰে গোটৰ প্ৰাৰ্থী ৰুতুজা লাটকে মুম্বাইৰ আন্ধেৰী পূবত উপ-নিৰ্বাচনত ৬৬ হাজাৰতকৈ অধিক ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে৷

ৰুতুজা লাটকেক সমৰ্থন ঘোষণা কৰা কেইবাটাও দলে প্ৰাৰ্থী প্ৰত্যাহাৰ কৰাৰ পাছত নিৰ্বাচন প্ৰকৃততে প্ৰতিদ্বন্দ্বিতা অবিহনে অনুষ্ঠিত হৈছিল। ৰুতুজাৰ কংগ্ৰেছ আৰু এনচিপিও সমৰ্থন কৰিছিল৷

মে’ মাহত ৰুতুজা লাটকেৰ স্বামী আৰু শিৱসেনাৰ বিধায়ক ৰমেশ লাটকেৰ মৃত্যুৰ পিছত নিৰ্বাচন অনুষ্ঠিত হৈছিল। বৃহন্মুম্বাই পৌৰ নিগম চমুকৈ বিএমচিত কেৰাণী হিচাপে কাম কৰা লাটকেয়ে তেওঁৰ পদত্যাগ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতহে মনোনয়ন দাখিল কৰিব পাৰিছিল।

ঠাকৰে নেতৃত্বাধীন শিৱসেনাই নতুন নামেৰে প্ৰতিদ্বন্দ্বিতা কৰা এইটো প্ৰথম নিৰ্বাচন৷ শিৱসেনাই প্ৰথমবাৰৰ বাবে নতুন চিম্বল জ্বলন্ত টৰ্চৰ চিহ্নত নিৰ্বাচনত যুঁজ দিছে। মূল নাম আৰু ধনু আৰু কাড় বৰ্তমানৰ বাবে নিৰ্বাচন আয়োগে জব্দ কৰিছে৷ একনাথ চিন্দেৰ গোট বালা চাহেবা শিৱসেনা আৰু তৰোৱাল-ঢালক প্ৰতীক হিচাপে লাভ কৰিছে৷

বিজেপিয়ে ঘোষণা কৰে যে মৃত্যু হোৱা সেনা বিধায়কজনৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁলোকে নিজৰ প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিছে। সঞ্জয় ৰাউতে কৈছিল যে বিজেপিয়ে ইয়াৰ পৰাজয় উপলব্ধি কৰিছে। বিজেপিয়ে এটা জৰীপ চলাইছিল যিয়ে ভৱিষ্যতবাণী কৰিছিল যে তেওঁলোকৰ প্ৰাৰ্থী মুৰ্জী পেটেল পৰাজিত হ’ব। কমেও ৪৫ হাজাৰ ভোটত।